কথাবোৰ তই কোৱাৰ দৰেই সহজ হোৱা হ'লে

©Admin
0
কথাবোৰ তই কোৱাৰ দৰেই  সহজ হোৱা হ'লে  ,
পলে অনুপলে , প্ৰতি ক্ষণে 
কাৰোবাৰ কথাই আমনি নকৰিলহেঁতেন 
কাৰোবাৰ এঙেৰুৱা হৃদয়।
কাৰোবাৰ ভাৱনাই কাৰোবাক আছন্ন নকৰিলে হেঁতেন
ৰাতিয়ে দিনে, ঋতুয়ে ঋতুয়ে।

কথাবোৰ তই কোৱাৰ দৰে সহজ হোৱা হ'লে
নিজানত উচুপি নেথাকিলহেঁতেন মন।
জানো…বুজো…… তথাপি নামানে অবুজ মনে,
তোৰ ভাৱনাই কোঙা কৰে দিনে প্ৰতিদিনে।

কথাবোৰ তই কোৱাৰ দৰেই 
সহজে ল'ব নোৱাৰাটো মোৰ এক শাশ্বত ভুল,
বিশ্বাসবোৰক গভীৰ ভাবে বুকুত গুজি লোৱাটো
মোৰ এক সীমাহীন দুখ।
তথাপি মনত সেই একেটাই  আনামি শোক,
মই বিচৰা ধৰণেৰে তইতো কোনোদিনে নিবিচাৰ মোক।

তই কোৱাৰ দৰেই কথাবোৰ সহজ হোৱা হ'লে ,
ঘুৰি-ঘুৰি ভাৱনাবোৰে দুনাই
একে ভাৱনাতে আহি নুপুতিল হেঁতেন ছাগে খোপনি।  
 বুকুৰ নদীত মৰমবোৰে কোনোদিনে
 নেমেলিলহেঁতেন ছাগে হেঁপাহৰ নাওঁ খনি।

আপোন হওঁ বুলি জানো আপোন হ'ব 
পাহৰিব পাৰি বুলি জানো পাহৰিব পাৰি!
মৰমবোৰ এনেকুৱাই……
নিজান ৰাতি বুকুত বেদনা হৈ উজাই।

কথাবোৰ তই কোৱাৰ দৰেই সহজ হোৱা হ'লে…
অজান আৱেগত সেমেকি নাথাকিলহেঁতেন
বাখৰুৱা কলিজাৰ ৰঙচুৱা বাট।
বিষাদৰ বাৰিষাত তল নগ'লহেঁতেন 
আকঁলোৱা চেনেহৰ পলসুৱা ঘাট।

📝প্ৰবিন দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)