নাযাবা এৰি অকলশৰে
জীৱন যাত্ৰা পথতে
ছিঙি মৰমৰ এনাজৰীকে ৷
বসন্তৰ আগমনতেে
মিলনৰ ফুল ফুলিলে
শীতৰে আগমনত লগ এৰিলে
দুখৰ ধুমুহা আনিলে জীৱনতে ৷
মই থাকিম উজাগৰে
নিশা নাহিব টোপনি তোমাৰে
চিৰজীৱন কন্দাব স্মৃতিয়ে
প্ৰতি ক্ষণে প্ৰতি পলে
বুকুত খুচিব শূল বেদনাৰে ৷
দুৰণিত থাকিলেও তুমি থাকিবা হিয়াৰে মাজতে মোৰে
পুৱা গধূলি ৰৈ পদূলি মুখতে
তোমাৰ উভতনিৰে
বাট চাই ৰম ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ