কেঁচা খৰিৰ ধোঁৱা

©Admin
0
দেখিছানে  ?
দেখিছা চাগে...

সেউজী চাহপাতত
দুখ আৰু চকুপানী  টোপোলা বান্ধি 
কেঁচা খৰিৰ ধোঁৱাত ভোক সেকা মোৰ মা- দেউতাক

কেঁচা খৰিৰ ধোঁৱাত মা- দেউতা গলি আহে
সিহঁতে নাজানে সেই ধোঁৱাতেই
সিহঁতৰ ঈশ্বৰবোৰ জিলিকি উঠে

ধূলি পৰা আইনাখনত মা- দেউতাই একোকে নমনে
কেৱল ৰাজহাড়ডাল জুইত ভৰাই ভোক সেকে

কলঘৰৰ কয়লাৰ অঙঠাত জ্বলি জ্বলি 
মাৰ চকুৰ কাজলবোৰ যে ধোঁৱা হৈ উৰে
দেউতাৰ ঘ্ৰমাক্ত চকুৱে মনিকে নাপাই

আচলতে
মা- দেউতাই নেদেখাকৈয়েই 
নিজেই থাপনাত বহা ঈশ্বৰবোৰৰ বাবে
মা-দেউতাৰ ৰাজহাড়ডাল ভোগৰ শৰাই

দেখিছানে  ?
দেখিছা চাগে...

মা- দেউতাই যিদিনাখন দেখিব
চাহপাত আৰু কলঘৰৰ ধোঁৱাত সেকা হাতদুখন 
ধনু - কাঁড়ৰ দৰে কঠিন হৈ আহিব

কেঁচা খৰিৰ ধোঁৱাবোৰ
ঈশ্বৰৰ থাপনা ঘেৰি ধৰিব 
পাতত সেকা ভোকবোৰ মৰি আহিব... 

📝 ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)