আজি কবিতা শিকাম তোমাক,
ক্ষত বিক্ষত আত্মাৰ ক্ৰন্দন শুনাম।
তুমি জানো দেখিছা,
দুৰ্ভিক্ষত ওপঙা মানুহৰ দুখ !
তুমি অনুভৱ কৰিব নোৱাৰা,
অসহায় অৱস্থা যুদ্ধ বন্দী সৈনিকৰ
তুমি কেতিয়াও দেখা নাই
সন্ত্ৰাসবাদীৰ গুলিত
থকা সৰকাহৈ
চোতালত পৰি থকা
মানুহৰ চিগা ভগা মৃতদেহ বোৰ !
তুমি কাহানিও দেখা নাই
ব'মা বাৰুদৰ জুইয়ে দেই পুৰি নিয়া,
মানুহৰ মৰাশৰ দ'ম !
বিভীষিকা ইমান বিষাক্ত
শগুণেও ভক্ষণ নকৰে
মৰি থকা পৰি থকা সেই শ বোৰ।
জয়াল যুদ্ধস্থলী
মৰিশালিত পৰিণত ঘৰ দুৱাৰ।
ভগ্নাৱশেষ চাই উচুপি উঠা
আৰ্ত্তজনৰ মনোবেদনা,
তুমি কেতিয়াও বুজি পোৱা নাই ।
যুদ্ধ নালাগে আমাক ,
কবিতা লিখিম জনতাৰ বাবে ।
📝অনন্ত কুমাৰ ভুঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ