তুমি কথা ক'লে

©Admin
0
তুমি কথা ক'লে
চৰাইবোৰ বোবা হয়
গছ-গছনিয়ে চক্ খাই উঠে,

তুমি কথা ক'লে
আৰামী ভৰি দুটা
উচপি উঠে,
তেতিয়া ভিখাৰীহঁতে আহি
ওচৰতে ভিৰ কৰে,

তুমি কথা কলে
সপোনবোৰ গৈ এমুঠি
শিলৰ লগত খুন্দা খায়,

তুমি কথা ক'লে
সাগৰৰ ঢৌবোৰ হাঁহে
ওলোটাফালে গতি কৰে
আৰু বালিবোৰ উচপি উচপি কান্দে,

তুমি কথা ক'লে
পখিলাবোৰ গান গোৱা বন্ধ কৰে
অমানিশা আহি পানীত পৰে,

তুমি কথা ক'লে
তৰাবোৰ উত্ৰাবল হৈ নাচে
তেতিয়া ফৰিংবিলাক মদ্যপান এৰি দিয়ে,

তুমি কথা ক'লে
এশ হাত মাটিৰ তলৰ
আশা-আকাংক্ষাত শেলুৱৈ ধৰে,

তুমি কথা ক'লে
মনৰ গহীনত থকা নতুন চিন্তাবিলাকত
মামৰ ধৰে,
তেতিয়া গোৱৰুৱা পোকবোৰ আহি
ওচৰতে ভিৰ কৰে,

তুমি কথা ক'লে
মন নাযায়
লাইলাক ফুল দেখিবৰ,

তুমি কথা ক'লে
ভেকুলীবোৰে টেৰ্ টেৰ্ বন্ধ কৰি
আৰামী চকীত বহে,

তুমি কথা ক'লে
ধৰিকণা মাছটোৰ কমল ওঁঠ দুটা
কোচ খাই পৰে,
হয়,মাথো তুমি কথা ক'লে!

তুমি কথা ক'লে
কেতেকীবোৰৰ যৌৱনৰ পৰা
শেলুৱৈবোৰ আঁতৰি যায়
পাৰ চৰাইৰ মুখেদিও মাত ওলায়,

তুমি কথা ক'লে
মোৰ হৃদয়ৰ বাগিছাত
নতুন কুঁহি-পাত ওলায়
জীৱনত নেদেখা-নোপোৱা
বিচাৰি পাও ৷

কবিৰ বকুল
জয়পুৰ,গোৱালপাৰা,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)