ভাকুটকুট

Rinku Rajowar
0
   বজাৰত শিলক তিল বুলি
   বেচা মানুহবোৰে
   গোফৰ তলেৰে
   মিচিক মাচাককৈ হাঁহিছে  |
   
   ঠগাব জানিছে
   ঠগন খাবও জানিছে  |

   কাহিনীবোৰ শুনি
    ঘটনাবোৰ দেখি
   ভাকুটকুটনি উঠিছে  |

   ভাকুটকুট দিয়াত
   খিল্ খিলাই হাঁহিছে  
   হাঁহিত গছৰ পাত সৰিছে |

   বনিয়াবোৰে
   উদ্দেশ্য সিদ্ধিকৰি
   টালিটোপোলা বান্ধি
   বেকেটা হাঁহিৰে
   পুৱা লৈ বাট চাইছে  |

📝 হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)