মাতৃ গেথীৱালাৰ সন্তান তুমি বিষ্ণু ৰাভা...
উনৈছ শ ন- চনৰ ত্ৰিছ জানুৱাৰীত
বাংলাদেশৰ ঢাকা চহৰত
তুমি জন্ম ল'লা হৈ জগতৰ আভা।
কেচুৱাটেই হেৰুৱাই পিতৃক
আহিল তেজপুৰলৈ পিতৃৰ বিয়োগ হোৱাত
শিৱৰ তাণ্ডব নৃত্যৰে এশ আঠবিধ নৃত্য
কৰিলা প্ৰদৰ্শন...
নৃত্যত মোহিত হৈ সৰ্বপল্লী ৰাধাকৃষ্ণণে
যাচিলে সোণৰ পদক...
উনৈছ শ চল্লিশ চনত কাশী বিশ্ববিদ্যালয়ত।
পালা কলাগুৰু উপাধি হ'লা ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ
বহুতো গীত আৰু গ্ৰন্থ ৰচি
উনৈছ শ উনসত্তৰ চনৰ আজিৰ দিনটোত
পৰলোকলৈ কৰিলা গমন.. .
তোমাৰ আভাই পোহৰালে সোণৰ অসম ।
অসমবাসীয়ে তোমাৰ মৃত্যুক স্মৰণ কৰি
ৰাভা দিৱস ৰূপে কৰিছে পালন।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ