কলিজাটো তাৰ
মোলৈ লৈ আহিবি
নহলে ঘৰলৈ নাহিবি ৷
কিমান বাৰু মিঠা হ'ব
তাৰ কলিজা
পকা জামুটোৰ দৰে ৷
পকা জামুৰ দৰে
মিঠা কলিজা এটা
খাব পোৱা হলে
জীৱন সাৰ্থক হ'ব ৷
বজাৰত জামু ওলাইছে
বহুমুত্ৰৰ মহৌষধ ৷
ঘৰলৈ আহোতে
কলিজাটো লৈ উভতিবা ৷
এটা পকা জামুৰ কলিজা ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ