বকুলজোপা ফুলিলে তোমাৰ ঠিকনা বিচাৰিম

©Admin
0


শাশ্বত হৃদয়ৰ স্পন্দিত অনুভৱ
জ্যোতিৰ কোলাত শুই আছে 
অনন্ত সময় ধৰি!
বসন্তবোৰ অতিবাহিত হৈছে
পোহৰৰ ফুল ফুলাই,
অনন্ত এই সময়, আত্মা,মন স্থিতি
স্বপ্নময়ী ঠিকনা নাজানো ক'ত বিচাৰিম।
পল-অনুপল জ্যোতিৰ্ময় অসীম যাত্ৰা
তোমাৰ ঠিকনা পালে, সুখ-দুখবোৰ গতানুগতিক হ'ব।

বকুলজোপা ফুলিলে
পাতনি মেলিব শব্দৰ, সত্যৰ,
প্ৰবল আবেগবোৰ উজ্জীৱিত হ'ব
হয়টো ৰয় যাব এই সময়,
আকাশেও চায় ৰ'ব 
ক্ষন্তেকৰ বাবে!
যেতিয়া প্ৰকৃতিয়ে গাব মিলনৰ গীত।
সাক্ষী হয় ৰ'ব স্মৃতীবোৰ
আৰু হাঁহিৰ ৰোল তুলিব,
বতাহৰ স্পৰ্ষয়ে।


📝জাচিংফা গগৈ
জিলা- তিনিচুকিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)