ব্যৰ্থ প্ৰেমৰ দস্তাবেজ

©Admin
0


     

   এয়া, দুপৰনিশা আন্ধাৰবোৰ খেদিবলৈ জ্বলাই লৈছো এটা ছিগাৰেট, দীঘলীয়াকৈ চুমুক টানিছো মৰমেৰে,পোহৰাই তুলিছো চৌপাশ,মাজনিশা আন্ধাৰত অতীষ্ঠ কৰি তোলে মোক তোমাৰ স্মৃতিয়ে,যিটো কথা কোৱা নহ'ল তোমাক ভয় অথবা হেৰুওৱাৰ আশংকাত,আজি সেয়ে অন্তৰ্দহনত দগ্ধ হৃদয়,পোহৰত তোমাক পাহৰাৰ অভিনয় কৰিবলৈ সহজ জানা, ব্যস্ততাৰ হাজাৰটা অজুহাত, সকলোকে কও বহুত ব্যস্ত মই, পাহৰি গৈছো তোমাক, নাজানো তোমাৰ খবৰ অথবা নাম-ঠিকনা, আন্ধাৰ ৰাতিত তোমাৰ স্মৃতিয়ে যেতিয়া মচোৱাগোমৰ দৰে মেৰিয়াই ধৰে মোৰ মন-মগজু, তেতিয়া কেনেকৈ নিজক ক'ম তোমাক চিনি নাপাও বুলি,কেনেকৈ ক'ম তুমি কেতিয়াও মোৰ পৰিচিত নাছিলা বুলি, ধুমপান মোৰ প্ৰিয় নাছিল অথবা নাছিল মোৰ নিচা, ছিগাৰেটৰ অকটা গোন্ধত বমি হৈছিল জানা,অথচ এতিয়া তোমাক পাহৰিবলৈকে বুকুভৰি টানি লও বিষাক্ত উশাহ, ধোঁৱাময় কৰি তোলো মোৰ চৌপাশ,এতিয়া মোৰ ব্যৰ্থ অমানিশাৰ একান্ত প্ৰেয়সী এই ছিগাৰেট,দুই ওঠেৰে জোৰকৈ চেপি ধৰো তাক, হুপি থও জীৱনৰ সমস্ত ব্যৰ্থতা,ক'ব নোৱাৰাৰ বেদনা, পাহৰো বুলিয়েই পাহৰিব পৰা হ'লে আজি হয়তো মই কাৰোবাৰ খোজত খোজ মিলাই বিন্দাচ প্ৰেমত মাতাল হ'লোহেতেন, অথবা পাৰ্কৰ আন্ধাৰ এচুকত প্ৰেয়সীৰ সুগন্ধি প্ৰেমত মাতাল হ'লোহেতেন, পাহৰিব খোজা মানেই দুবাৰ মনত পেলোৱা, যিমানেই অভিনয় কৰিছো তোমাক পাহৰাৰ, সিমানেই সজীৱ হৈ পৰিছে তোমাৰ স্মৃতি, হয়তো তুমি এতিয়া ব্যস্ত পৃথিবীৰ সুখী মানুহ, আৰু মই কোঠাৰ চৌপাশ ধোঁৱাময় কৰি তোমাৰ স্মৃতিত হৃদয় জ্বলাই চাৰখাৰ কৰা ব্যৰ্থ প্ৰেমিক!


📝বিজয় লক্ষ্মী বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)