জোনাকত জিলিকা নিয়ৰ (৪ৰ্থ খণ্ড)

©Admin
0

জোনাকৰ কথাবোৰ মন দি শুনিছিল যদিও সি বিড়ি,চাদা নোখাৱাকৈ থকা নাছিল

এদিন জোনাক আৰু ভাস্কৰ বহি আছিল ভাস্কৰহঁতৰ পিছ ফালে থকা ডাঙৰ পুখুৰীটোৰ পাৰত।ভাস্কৰে তাৰ আগতে চিগাৰেট খাইছিল।জোনাক আচৰিত হৈছিল তাৰ কাণ্ড দেখি।হঠ্যাৎ ভাস্কৰৰ কাণ খনত ধৰি নিয়ৰে চিঞৰি দিছিল।সি যিটোলৈ বেছি ভয় কৰে সেইটোৱেই হ'ল।ভাস্কৰৰ হাতৰ পৰা চিগাৰেটৰ টুকুৰাটো দলিয়াই দি তাৰ চুলিত ধৰি জোকাৰি দিছিল নিয়ৰে আৰু কোনোদিনেই চিগাৰেট নোখোৱাৰ শপত বাক্য লৈ হে তাক এৰি দিছিল।
ভাস্কৰে মনে মনে সেইবোৰ খাব খুজিলেও নিয়ৰে যিকোনো প্ৰকাৰে গম পাইছিল আৰু তাক হাৰাশাস্তি কৰিছিল।
জোনাকে ইংৰাজী বিষয়ত অৰ্নাচ লৈ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লোৱাৰ পিছত চহৰত M.A পঢ়িবলৈ গৈছিল।ইফালে ভাস্কৰ আৰু নিয়ৰে স্নাতক ডিগ্ৰী লৈ সিমানতে পঢ়া সামৰিলে।ভাস্কৰে চাৰিআলিত এখন কিতাপৰ দোকান খুলিছিল,মাকে তাক বাধা দিয়া নাছিল।
এবাৰ চহৰৰ পৰা গাঁৱলৈ আহোতে জোনাকে শুনিছিল ভাস্কৰ আৰু নিয়ৰৰ কথা।ইতিমধ্যে দুয়োখন ঘৰে তলে তলে কথাটো আলোচনা কৰিছিল।সেইয়ে জোনাকে ভাস্কৰৰ মুখেৰে জানিব বিচাৰিছিল কথাটো।

কি কৈছে?সেই পাতক বিয়া কৰাই মই মৰিব নোৱাৰো দেই।দেখা নাই ইটো নাখাবি, সিটো নাখাবি খোৱা দেখিলেই কাণ চেপা দিব,মন গ'লেই চুলিত ধৰি ঘটালি দিয়ে।তাইক বিয়া কৰালে গাঁৱৰ মানুহে মোক মাইকীৰ কোব খোৱা বুলি জোকাব--- ভাস্কৰে ভেকাহি মাৰি ক'লে।
দস্তুৰমত পিটিব তই বেয়া বস্তুবোৰ নাখালেই হ'ল। 
জানো নহয় তইয়ো তাইৰ হৈয়ে ক'বি।এটা হ'লি পণ্ডিত আৰু এজনী হ'লি পণ্ডিতনী।
তহঁত দুটাহে মিলিবি-----ভাস্কৰে এটা সৰু ল'ৰাৰ দৰে কোৱা দেখি জোনাকে হাঁহিলে আৰু ক'লে।
ঐ গৰু কি বলকিছ,পণ্ডিতনী তোক হে বেছি প্ৰয়োজন।বাৰে বাৰে সেইপাতৰ কথা কৈ মূৰটো গৰম নকৰিবি।ভাস্কৰে পুনৰ জোনাকক ক'লে।
কি হ'ল মূৰ গৰম হ'বলৈ?---উৎসুকতাৰে নিয়ৰে সুধিলে। তাইৰ মাত শুনি দুয়োটা উচপ্‌ খাই উঠিল।ভবাই নাছিলে তাইৰ এনেদৰে ওলাবহি বুলি।
এনেদৰে বাৰীৰ মূৰত বহি কথা পাতিবলৈ কিহে পালে? নিয়ৰে পুনৰ প্ৰশ্ন কৰিলে।
না••ই একো হোৱা নাই।এই দোকান খনৰ কথা ভাবিয়েই মুৰটো গৰম উঠি যায়।----ভাস্কৰৰ কথা কোৱা ধৰণ দেখি জোনাকে আনফালে মুখ ঘূৰালে,সি খুব কষ্টৰে হাঁহিটো চেপি ৰাখিলে।
ঐ ব'লচোন শিৱ মন্দিৰলৈ যাঁও/তাই ভাস্কৰক আদেশ দিলে।নিয়ৰৰ আদেশ শুনি জোনাক আচৰিত হ'ল।
যি জনী ছোৱালীয়ে কোনোদিনেই মন্দিৰত বন্তি জ্বলাই পোৱা নাই,অথচ আজি কি হ'ল?
তোৰ আকৌ কেতিয়াৰ পৰা সুমতি হ'ল মন্দিৰত বন্তি লগাবলৈ?তোৰ মূৰটো/নিয়ৰৰ উত্তৰত দুয়োটাই থত্‌-মত্‌ খালে।
মন্দিৰৰ কাষতে থকা বগৰী জোপাৰ পৰা বগৰী অানিম ব'লচোন শুভমহঁতে দেখিলে গোটেই বোৰ খাব।নিয়ৰে কথা কেইটা কৈয়ে ভাস্কৰক বহাৰ পৰা উঠিবলৈ বাধ্য কৰে।জোনাকে ভাস্কৰক বুজি পাই সি নিয়ৰৰ কোনো কথাই পেলাব নোৱাৰে। তাক শাস্তি দিয়া ছোৱালী জনীক চাট দিয়াটো দূৰৰে কথা, ডাবিও দিয়া নাই।

দিনবোৰ পাৰ হৈছিল ব্যস্ততাৰে।ভাস্কৰে কিতাপৰ দোকান খনত স্কুল-কলেজৰ কিতাপ বহীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় বস্তু আলোচনী,বাতৰি কাকত ৰাখিছিল।তাক সহায় কৰিছিল নিয়ৰ আৰু কেতিয়াবা ভায়েক অনিন্দ্যই।এনেদৰে পাৰ হ'ল দুটা বছৰ,তাৰ পাছত সলনি হৈছিল দৃশ্যপটৰ।এজাক কাল ধুমুহাই সকলো ওলট-পালট কৰি থৈ গৈছিল।সি কাঢ়ি নিছিল নিয়ৰৰ ৰাংঢালী মনটো,সি তিনিও খন ঘৰলৈ আনিছিল শ্মশানৰ নিস্তব্ধতা।যাৰ একো উম-ঘামেই পোৱা নাছিল জোনাকে এজনৰ অনুৰোধ ৰাখিবলৈ গৈ ঘৰৰ কোনেও একো জানিব দিয়া নাছিলে তাক।ফলত সি তাৰ খবৰ পাইছিল ডেৰ মাহৰ পাছত।


আগলৈ।

📝দ্বীপ দীপাংকৰ লাহন 
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)