আধৰুৱা প্ৰেম কাহিনী,খণ্ড - ১৫

©Admin
0

দীঘলীয়া হুমুনিয়াহ কাঢ়ি মিঃ ৰাজুৱে ক'লে " এইয়াই আছিল মোৰ জীৱনৰ প্ৰথম আৰু আধৰুৱা প্ৰেমকাহিনী যি আৰম্ভ নোহোৱাৰ আগতে সমাপ্ত হ'ল ৷ সত্যমে মুখখন মোহাৰি ক'লে " সঁচাকৈ আপোনাৰ প্ৰেম কাহিনী অতি দুখলগা দিবাকৰৰ মাকৰ চকুলো বৈ থকা দেখি দিবাকৰে চকুপানী মচি দি " কিহে মা সৌ অতিতৰ পুৰণি কথাটো লৈ কান্দিছ যে " মাকে ক'লে " তই বুজি নোপোৱা যেতিয়া ডাঙৰ হবি তেতিয়া বুজিবি সন্ধিয়া নামিলেহি যা ভৰিহাত ধুই চাকিগছি জ্বলোৱা গৈ মই চাহ পাতোগৈ দিবাকৰ গ'ল পূজা গৃহত মাক গ"ল পাকঘৰলৈ ৷ ৰাতিৰ আহাৰ সাজ খাই সকলোৱে বিচনাত পৰিল ৷ ৰাতিপুৱা দিবাকৰে বাহিৰৰপৰা দৌৰি আহি " মা অ মা ক'ত আছে সোনকালে ওলাই আহক " মাকে ভিৰৰপৰা ওলাই আহি " কি হ'ল ইমানকৈ চিঞৰ বাখৰ লগাই আছ " দিবাকৰে ফোঁপাই জোঁপাই কবলৈ ধৰিলে " মা চাউল দিছে এম এল এ তৰফৰপৰা সোনকালে মোনা দিয়ক মাকে দিবাকৰৰ হাতত মোনা এটা আনি দিলে দিবাকৰে লৰালৰিকৈ ওলাই গ'ল ৷

এনেদৰে দুমাহ সময় পাৰ হ'ল 

মিঃ ৰাজুৱে ক'লে " সত্যম অহা সপ্তাহত বাগানৰ লাইনত বিয়া এখন আছে গতিকে তুমি কেমেৰা চেট মাতি দিয়া বাকী মই বিয়া ঘৰৰ গৃহস্থৰ সৈতে বাৰ্তালাপ কৰি থৈছো " সত্যমে ক'লে " হয় মই ফ'নটো কৰি দিম ইমান দিন লকডাউন চলিল সময় যেন থমকি ৰৈছিল এনেতে দিবাকৰে আহি ক'লে " মায়ে ভাত খাবলৈ মাতিছে মিঃ ৰাজুৱে বলা বুলি কৈ তিনিও ভিতৰলৈ সোমাল ৷ 

                 আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)