বুটা সপোনৰ
বাছি বাছি ফুল তুলি
গঢ়িব লাগিব জীৱন ৷
সেউজীয়া জখলাৰে
বগাই গৈ চিঙি আনা
তৰা ফুলৰ ঠোপা ৷
তমসা বাটত
হাজাৰ কাইঁটৰ খোচ
সহ্য কৰি কঢ়িয়াই
আনা সাফল্য ৷
সাফল্যৰ বাট
ইমান মসৃন নহয় ৷
পোহৰ খেদিবলৈ
আগুৱাব লাগিব
এন্ধাৰৰ
ওখোৰা মোখোৰা বাট ৷
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ