ৰক্তগংগাৰ পাৰত মোৰ শৈশৱ (খণ্ড-০১)

Rinku Rajowar
0
পৌৰাণিক শাস্ত্ৰত বৰ্ণিত ৰক্তগংগা আৰু শ্বেতগংগা দুখন নৈ । দূৰ অতীত কালত লখিমপুৰ জিলাৰ এই দুই নৈৰ উজনিত পাহাৰৰ মাজত কিছু ঋষি মুনিৰ আশ্ৰম আছিল বুলি জনা যায় । কালক্ৰমত মুখ বাগৰি দুই নদীৰ নাম ৰঙানদী বা ৰঙানৈ আৰু বগীনদী হ'ল । ৰঙানৈৰ বালি ৰঙা আৰু বগীনদীৰ বালি বগা । সেয়েই এনে নাম ।
  ৰঙানৈৰ কথা ক'বলৈ যাওঁতে মোৰ প্ৰথমেই শৈশবলৈ মনত পৰিছে । ৰঙানৈৰ পৰা প্ৰায় এক কিলোমিটাৰ পশ্চিমে পহুমৰা দিজু কিমিন ৰাষ্ট্ৰীয় ঘাই উপপথৰ পূবফালে অৰণ্যবস্তি গাঁও । স্থানীয় লোক সকলে অৰণ্যবস্তি, কন্দুৰা পথাৰ, খ্ৰীষ্টান বস্তি আৰু ওৰাং বস্তি গাঁৱৰ একাংশ একাংশ লৈ 'মাধৱপুৰ' নাম দি লোৱা অংশটোতে আমাৰ ঘৰ । আমাৰ পিতৃ ১৯৫০ চনৰ ভূমিকম্পৰ ঠিক আগে আগে ঢকুৱাখনা ঘাঁহী গাঁৱৰ পৰা আহি বিহপুৰীয়া বাঁহগড়া দেউৰিগাঁৱত শিক্ষকতা কৰাৰ সময়ত এই অৰণ্যবস্তিত মাটি কিনি স্থায়ীভাৱে বসবাস কৰিবলৈ লয় । সেই সময়ত এই অঞ্চলত মাত্ৰ চাৰি পাঁচ ঘৰ মানহে অসমীয়া মানুহ আছিল । বৰ্তমান অৱশ্যে মাধৱপুৰ গাঁওখন প্ৰায় এশঘৰ মান অসমীয়া মানুহৰ বাসস্থান । মোৰ শৈশৱ কালৰ গাঁওখনত অসমীয়া মানুহৰ লগতে বহু হিন্দু আৰু খৃষ্টিয়ান আদিবাসী অৰ্থাৎ চাহ বাগানিয়া মানুহ, দুঘৰ কায়ষ্ঠ সম্প্ৰদায়ৰ বেংগলী মানুহ, কিছু নম:শূদ্ৰ আৰু অতি নগণ্য সংখ্যক পূর্ববংগৰ (বৰ্তমানৰ বাংলাদেশ) পৰা অহা মৈমনচিঙিয়া মুছলমান আছিল । দুঘৰ মান বিহাৰী মানুহ,  এঘৰ চীনা মূলৰ মানুহ আছিল । এই চীনা মূলৰ মানুহজনে স্থানীয় আদিবাসী বাগানিয়া গাভৰু এগৰাকী বিয়া কৰাইছিল আৰু নিজে দিজু চাহ বাগানৰ কলঘৰত কাঠমিস্ত্ৰীৰ কাম কৰিছিল । ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত তেওঁ পত্নী সন্তান ইয়াতে এৰি নিজেদেশ চীনলৈ ঘূৰি গৈছিল । বৰ্তমান তেওঁৰ দুজন পুত্ৰ আছে বুলি জনা যায় । 
   আমাৰ ঘৰৰ কাষত ধেনুৰাম মুখীয়াৰ নামৰ এজন হিন্দু আদিবাসী ঘাঁচি সম্প্ৰদায়ৰ বুঢ়া মানুহ আৰু তেওঁৰ পৰিয়াল বাস কৰিছিল । মোৰ জন্মৰ আগতে অৰ্থাৎ ১৯৬১ চনৰ পূৰ্বে তেওঁ বদতি ঘাটত ফেৰী জাহাজ চলাইছিল । আমাৰ ঘৰৰ কাষৰ এই মানুহ ঘৰৰ লগতে আশে পাশে থকা আদিবাসী সকলে  নিজৰ নিজৰ উৎসৱ পাৰ্বনৰ বাদেও প্ৰায় সকলো সময়তেই হাৰীয়া বা লাউপানী (চাউলৰ পৰা বনোৱা ঘৰুৱা মদ) খাইছিল । কাৰণ আমাৰ অঞ্চলত প্ৰচুৰ ধানখেতি হৈছিল আৰু প্ৰায় সকলোৰে নিজৰ নিজৰ যথেষ্ট ধানখেতি আছিল । হাৰীয়া খাই তেওঁলোকে সঘনাই ঘৰতে আলহী-দুলহি সহ সুৰ মিলাই গান গাই মাদল বজাই ঝুমুৰ জাতীয় নৃত্য কৰিছিল । মাদলৰ চেও আৰু ঝুমুৰ নৃত্যৰ লগত সৰু কালতেই আমাৰ একাত্মতা গঢ়ি উঠিছিল । কেতিয়াবা ওচৰে পাজৰে নুশুনিলেও দূৰৈৰ দিজু বাগানৰ পৰাও মাজনিশা নিজান পৰত ৰেশমী বতাহৰ ভাঁজে ভাঁজে মাদলৰ চেও আহি মোৰ কাণত পৰিছিল । সেই সময়ত বুকুৰ ভিতৰত কি এক সৰগীয়  আনন্দৰ তৰংগই  অগা-দেৱা কৰিছিল সেয়া যি কাহানিও শুনা নাই অনুভৱ কৰিব নোৱাৰিব । মোৰ সেই অনুভৱ বৰ্ণনাৰ অতীত আছিল । ক'বলৈ গ'লে এক সৰগীয় আনন্দ । মাজে নিশা সাৰ পাই ৰ' লাগি শুনি আছিলোঁ । আজিও সেই অনুভৱ মোৰ বুকুত জীৱন্ত হৈ আছে ।

আগলৈ••••

 (প্ৰতি সোমবাৰে পিছৰ খণ্ড সমূহ প্ৰকাশ পাব )

📝সৌৰভ কুমাৰ বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)