নুমলীগড় জৰাসন্ধ নগৰৰ উৎপত্তি কেনেকৈ হ'ল ?(খণ্ড -০১)

©Admin
0
অসমত এনে কিছুমান একান্ত ঠাই আছে যাৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই ৷
তাৰে ভিতৰত ৰংঘৰৰ সুৰঙ্গ  এই সুৰঙ্গ ৰংঘৰৰপৰামাটিৰ তলেদি আহি নেঘেৰিটিং শিৱদ'লত অন্ত হৈছে এই সুৰঙ্গৰ ৰহস্য ভেদ কৰিবলৈ বহুতো নৃতত্ত্ববিদে সুৰঙ্গত প্ৰৱেশ কৰে কিন্তু আচৰিত হবলগীয়া কথাটো হ'ল যে যিসকলে সুৰঙ্গত প্ৰৱেশ কৰিছিল সেইসকল লোক দুনাই উভতি নাহিলে হৈতো সুৰঙ্গৰ ভিতৰত বিৰাট ডাঙৰ ৰহস্যজনক পথ নাইবা ঠাই আছে যাৰফলত সিহঁত দিশহাৰা হৈ সুৰঙ্গৰ ভিতৰতে লুপ্ত হৈ থাকিল সেইবাবে ভাৰত চৰকাৰে সুৰঙ্গটো শেষত বন্ধ কৰাই দিলে ৷
ঠিক তেনেকৈ নুমলীগড় দেওপাহাৰৰ কথা কব পাৰি এই দেওপাহাৰৰ কোনে কেতিয়া কেনেকৈ আৰু কিয় সৃষ্টি কৰিলে এইয়া বৰ্তমানও এক ৰহস্য হৈ আছে দেওপাহাৰ নামটো কিয় দিয়া হ'ল আৰু কোনে দিছিল এয়াও এটা প্ৰশ্ন । দেওপাহাৰক বাকসা পাহাৰ বুলিও কোৱা হয় কিয়বা ৷ দেওপাহাৰক আন এটা নামেৰেও জনা যায় জৰাসন্ধ পাহাৰ এই নামটোও কিয় আৰু কেনেকৈ পৰিল এই ৰহস্য আজি মই আপোনাৰ আগত ফাদিল কৰিম ৷ কিন্তু এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি মহাভাৰতৰ সময়ত যাব লাগিব ৷
পাণ্ডৱসকল দুৰ্যোধনৰ সৈতে পাশাখেলত পৰাস্ত হৈ ৰাজ্যৰ পৰা নিলম্বিত হৈ বনবাস খাটিবলৈ ওলাই বনে বনে অনাই বনাই ঘূৰি ফুৰি প্ৰাগজ্যোতিষপুৰ ( অসমত ) ৰাজ্যত পদাৰ্পণ কৰিছিল এদিনাখনৰ কথা পাণ্ডৱগণ বিশ্ৰাম কৰিবলৈ গছ তলত বহি আছিল এনেতে এটা প্ৰকাণ্ড আৰু বাহুবলি ব্যক্তি আহি সিহঁতৰ আগত উপস্থিত হৈ বিকৰাল হাঁহি মাৰি ক'লে তঁহতৰ ইমান সাহস বিনা অনুমতিত জৰাসন্ধৰ   ৰাজ্যত প্ৰৱেশ কৰিলি ইয়াৰ উচিত শান্তি দিবলৈ আহিছো মই  জৰাসন্ধ তঁহতে অন্তিমবাৰলৈ নিজৰ ইষ্টক স্মৰণ কৰি ল কাৰণ তহঁতৰ মৃত্যু সমীপত  কথাষাৰ শুনি ভীম ক্ৰোধাগ্নিত  জ্বলি পুৰি ক'লে "  আমাক মৃত্যুদণ্ড দিয়াৰ আগতে মোৰ এই গদাৰ কোবত তোৰ হাড়মূৰ ভাঙি পেলাম জৰাসন্ধই তৰোৱালখন উলিয়াই " তেন্তে সাজো হোৱা দেখা যাব আজি কোনে কাক মৃত্যুদণ্ড দিয়ে ৷ এইবুলি কৈ দুয়োৰে মাজত তুমূল যুদ্ধ আৰম্ভ হ'ল ৷
                    আগলৈ••

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)