হোৱাহ'লে সকলো বিচৰামতে

©Admin
0
ভাবিছা নেকি কেতিয়াবা
বিচৰামতেই পূৰণ হোৱাহ'লে আশা
নহ'লহেঁতেন মানুহৰ একো দুৰ্দশা
তেতিয়াই আঁতৰিলেহেঁতেন চাগৈ
মানুহৰ মাজত খোৱা কামোৰা
বলীয়ে নিৰ্বলীক চলোৱা শোষণ দমন
ইতি পৰিলহেঁতেন সমাজৰ পৰা
স্থাপন হ'ল হেঁতেন ধনী দুখীয়াৰ সমতা।

যদি ভাবিছা সেইদৰে
তেনেহ'লে তুমি নিশ্চয় ভুল ভাবিছা
চোৱাচোন 
মানুহে এৰিব পাৰিবনে অৰ্থৰ লিপ্সা
যিমানেই পাব সিমানেই
বাঢ়িব উচ্চ আকাংক্ষা
বাঢ়িব নিতৌ আনতকৈ নিজে
ওপৰত থকাৰ ইচ্ছা
লাগিলে তেওঁ ৰজা হওঁক কিম্বা মগনীয়াৰ
এৰিব নোৱাৰে লোভ আকাশ চোৱাৰ।

কামনা কৰিছা যদি
এখন সুস্থিৰ সমাজৰ কথা
কাম, ক্ৰোধ, লোভ, মোহ, দ্বম্ভ, দ্বেষ
এই ছয় ৰিপুক জয় কৰা,
দাঙি ধৰা ভ্ৰাতৃত্ববোধৰ চানেকি
"মানুহ মানুহৰ বাবে"আপ্ত কথাষাৰ
হৃদয়ংগম কৰি আগুৱাই যোৱা
উপনীত হ'বা ঈপ্সিত লক্ষ্যত
উন্নতিও হ'ব সমাজৰ লগতে দেশৰ ভৱিষ্যত।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)