যোৱাৰাতি ধাৰাসাৰ বৰষুণ আছিল । আজি কুন্তলা, জোনমণি আৰু ভনীয়েক টুটু তিনিওজনীয়ে সিহঁতৰ দ পথাৰৰ আহুধান অলপ আছে তাকে কাটিবলৈ যাৱ । আজি যদি ধানখিনি নাকাটে পানীত ডুবিলে পাছত কাটিব নোৱাৰিব আৰু পকাধানখিনি নষ্ট হৈ যাৱ । ৰাতিপুৱা ঠাণ্ডাভাতে -পুৰামাছে খাই তিনিওজনী ওলাল । নদীৰ পানী বাঢ়ি পথাৰৰ এটা মূৰ পালেহিয়েই, সেয়ে সিহঁতে খৰধৰকৈ পথাৰলৈ গৈছ । ইফালে ধানখিনি কাটি ক'ত থব তাৰো চিন্তা আছে আৰু মাকক ক'লে মা
ঘৰৰে হালোৱা নৰেনক কটা মুঠিবােৰ বাম ঠাইলৈ আনি দাঙত তুলি থবলৈ ক'বলৈ মাকক ক'লে । মাকে পথাৰত খাবলৈ সকলো খাদ্য মোনা এটাত দি পথালে । দিনৰে দিনতো পথাৰতে থাকিব সিহঁত দিনতো ধান কাটি আবেলিহে ঘৰলৈ ঘূৰি আহিব ।
তিনিও ভনীয়ে অকণো সময় খৰচ নকৰাকৈ ধান কটাত ব্যস্ত হৈ গ'ল । যিমান পাৰি আজিৰ ভিতৰতে ধান যিমান পাৰে সিমান কাটিব লাগিব । দুপৰীয়াৰ পৰা ধাননিৰ ভিতৰত পানী সোমালেই আৰু পানী বাঢ়িয়েই আছে । তিনিও জনীয়ে ধান কাটি আছে আৰু হালোৱাজনে ধানৰ মুঠি পথাৰৰ পৰা বাম ঠাইলৈ লৈ গৈ আছিল ।
দুপৰীয়া পথাৰৰ টঙীঘৰৰ মাটিও পানীত ।
দুপৰীয়া মাকে দি পথিওৱা ভাতকণ খাই হাত ধুই বেছি সময় নৰ'ল, পুনৰ ধান কটাত লাগিল । অলপ অলপকৈ পথাৰৰ পানী আঠুলৈকে পালেহিয়েই আৰু আবেলিলৈকে প্ৰায় কঁকাল পাওঁ -পাওঁ কৰিলে । বহু কষ্টৰ মূৰত ধানখিনি আজি তিনি ভনীয়ে কাটি অঁটালে ।
আবেলি বেলি পৰো-পৰো অৱস্থাত ঘৰলৈ বুলি খােজ ল'লে । ঘৰ পাই মাকক দিনৰ কথাখিনি ক'লে । মাকে স্বস্তিৰ উশাহ ল'লে ।
এনেদৰে নদী পৰীয়াই পানী, বতৰ ,পৰিৱেশ আদিৰ লগত সংগ্ৰাম কৰি জীৱন নিৰ্ব্বাহ কৰিব লগীয়া হয় । হলেওঁ ঘৰখনে পানীৰ বিপদৰ পৰা মুক্তি পালে এইবাৰৰ বাবে । অহা বছৰ আকৌ পানী আহিব ৷
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ