স্মৃতিৰ কেনভাচ

©Admin
0

স্মৃতিবোৰক বুকুৰ একোণত
হেঁচি হেঁচি ভৰাই
জীৱনৰ একা বেঁকা পথত
খোজ দিব গৈ
সম্পৰ্কবোৰক শিৰচ্ছেদ কৰিছো।
মৌনতাৰ বুকুত থিয় হৈ
সকলো পাহৰি যোৱাৰ
অভিনয় কৰিছোঁ৷
আৰু এতিয়া অজানিতে
বিষন্ন আবেলিৰ
শেষ ৰ'দজাকে আহি
চকু মুখত ৰং সানিছে
আশাৰ আলিকেঁকুৰিত ৰৈ
অচিন চিনাকি
কাৰোবাৰ অস্ফুট ছবি এখন
আঁকিব আৰম্ভ কৰিছোঁ...
বন্ধুবোৰে জানে সি ঠিকেই আছে
নিয়ম মাফিক উভতে নিজ ঠিকনাত
তোমাক কোনে ক'লে ?
"এজন হেৰাই গ'লে এজন মৰি থাকে।"
               

  ✍🏻 জয়ন্ত ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)