বিষ্ণু ৰাভা,
আজিও ৰাজপথত কোনোবাই ৰিঙিয়াই কৈ যায়।!
বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা আৰু সাৰে আছো আমি অতন্দ্ৰ প্ৰহৰী হৈ জন্মভৃমিৰ তোমাৰ গুণ-গৰিমাৰে চহকী অসম দেশত ।
সবত্রে উচ্চাৰিত হয় সগৌৰৱে তোমাৰ জীৱনৰ সুৰীয়া গান ।
বিষ্ণু ৰাভা,
তোমাৰ কবিতাৰ পংক্তিৰে সোঁৱৰো কণ্ঠৰ গভীৰতা ,
কলিজাৰ শোণিত তগবগ কৰা তোমাৰ গীত গাই জগাওঁ নিদ্ৰাৰত জনতাক ।
যাযাবৰী শিল্পী তুমি বিষ্ণুৰাভা,
কৃষক,বনুৱা,হালোৱা -
হজুৱা,বঞ্চিতজনৰ হকে যুঁজি
হেৰুৱালা তুমি নিজৰেই নিৰাপত্তা ।
শোষণকাৰীৰ ষড়যন্ত্ৰৰ বলি হৈ উচৰ্গিলা জীৱনৰ প্ৰাপ্তি -প্ৰাচুৰ্য্য !
বিষ্ণু ৰাভা,
হাজাৰ ধুমুহাতো শংকিত নহৈ
সংঘাতময় জীৱনৰ প্ৰতিটো ক্ষণত চহা-বনুৱাৰ প্ৰাণ সঞ্চাৰিলা গীত, কবিতা, নাট ৰচনাৰে
আৰু অপূৰ্ব অভিনয়, নৃত্য প্ৰদৰ্শনৰে জগত জিনিলা তুমি সত্য, সুন্দৰৰ পূজাৰী হৈ !
বিষ্ণু ৰাভা,
আপোচবিহীন তোমাৰ ব্যক্তিত্ব আৰু নীতি আদৰ্শই ৰজাঘৰীয়া স্বীকৃতি নেপালেও
জনতাৰ তুমি প্ৰাণৰো আপোন ।
কলাগুৰু তুমি বিষ্ণু ৰাভা,
শিল্পী তুমি অজেয় সাধনাৰে,
হিঁয়াৰ আমঠু তুমি অগণন দুখীয়া প্ৰজাৰ ।
সুন্দৰৰ পূজাৰী হে যুগজয়ী মহানায়ক!
জনালো প্ৰণাম তোমাক! !
(কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই মোৰ কবিতাটি আগবঢ়ালো) ৰীতামণি বৰদলৈ, গুৱাহাটী ।
📝ৰীতামণি বৰদলৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ