বৰ্ষা তুমি আহিলে

©Admin
0
বৰ্ষা তুমি এটি মাহ নহয় 
হোৱা তুমি এটি ঋতু, 
কিন্তু অসমীয়া কৃষিজীৱী মানুহৰ বাবে হোৱা তুমি 
এটি নতুন আলহী। 
বৰ্ষা তোমাক আদৰিবলৈ খেতিয়কৰ হৃদয়ত কিমান যে,
আশা কিমান যে হেঁপাহ পথাৰত কঠীয়া সিঁচাৰ।

বৰ্ষা তুমি আহিলে 

বোকা-মাটিৰ আমোল -মোল, গোন্ধত সেউজীয়া পথাৰখনত
খেতিয়কৰ মন আনন্দত জীপাল হৈ পৰে। 
খেতিয়কৰ এক বুজাব নোৱাৰা মন
 গুটি গুটি কঠীয়া সিঁচাৰ, বোকামাটিৰ সৈতে
প্ৰেমৰ অনুৰাগ জাগি উঠে।

 বৰ্ষা তুমি আহিলে 

সেউজবৰণীয়া পথাৰৰ চাৰিওফালে খেতিয়কৰ কোৰ নাঙলৰ শব্দ বাজি উঠে ,
পথাৰৰ কোমল বোকাৰ পৰশপাই
 খেতিয়কৰ হৃদয়ৰ ভাৱনাবোৰ 
কৰ্মত একাত্ম হৈ পৰে। 
কৰ্ম ব্যস্ততাৰে ভৰা খেতিয়কে জীৱনৰ ফাঁকে- ফাঁকে, 
অতীতৰ দুখময়ী স্মৃতিবোৰ 
পাহৰি যাবলৈ ধৰে
 আৰু ব্যস্ততাৰ  মাজতেই 
আনন্দ মধুৰ স্মৃতিক ৰোমন্থন কৰে। 

বৰ্ষা তুমি আহিলে 

পৰিশ্ৰমী খেতিয়কে পথাৰৰ সেউজীয়া ৰঙৰ মাজত থাকি,
 জীৱনৰ টুকুৰা -টুকুৰ চিত্রবোৰ 
পথাৰৰ বোকা পানীৰ সৈতে সংযোগ কৰি দিয়ে। 
ৰদ বৰষুণৰ বাধা নেওঁচি একাধাৰে লাগি থাকে নিজৰ কৰ্মত,
তথাপিও যেন খেতিয়কৰ মুখত প্ৰাপ্তিৰ হালধীয়া হাঁহি বিৰিঙি উঠে ।
কৰ্ম ব্যস্ততাৰ মাজতে 
সপোন দেখে খেতিয়কে, 
কঠীয়া সিঁচাৰ কষ্টেৰে 
ভৰাল সোণগুটিৰে উপচি পৰাৰ আশাত 
বৰ্ষা তুমি আহিলে। 


 📝কাশ্মিৰী মানকি 
তিতাবৰ বৰহোলা (যোৰহাট )
মেৰাপানী দৈয়াং মহাবিদ্যালয়  গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)