উসঃ বৰ গৰম

©Admin
0

  বতাহজাক গছৰ পাতত
    ওলমি ৰ'ল
    পৰো নপৰোকৈ আছে 
    বতাহ  ৷

   বতাহ আকলোৱা
   নৰমনিচ জাকে
   সেপ ঢুকি ঢুকি
   ওপৰলৈ চাই আছে  ৷

   আশাত চটফটাইছে
   পিঠিত ঘামুচিয়ে
   চিট্ চিটাইছে  ৷

   তথাপি
   আশাত বন্দীবোৰে
   বিচনীৰ বা পাহৰিছে  ৷

   এই গৰমতে
   বজাৰত কঠাল ওলাইছে
   জেঠুৱা গৰমে
   কঠাল পকাইছে
  ছটফটনিত লোকে
  আওৰাইছে
  উসঃ বৰ গৰম  ৷

  📝 হেমেন হাজৰিকা
              মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)