পৃথিৱীত মানুহৰ আবিৰ্ভাৱ হোৱাৰ বহু নিযুত বছৰৰ আগতেই আন জীৱকুলৰ উৎপত্তি হৈছিল। বিৱৰ্তনৰ ক্ষেত্ৰখনত মানুহ হৈছে শেহতীয়া সংযোজন। সভ্যতাৰ বিকাশৰ আগলৈকে মানুহৰ আন আন প্ৰজাতিৰ জীৱৰ লগত বিশেষ প্ৰাৰ্থক্য নাছিল। কিন্তু মানুহৰ যিহেতু বিচাৰ -বুদ্ধি কৰাৰ ক্ষমতা আছিল সেইবাবে মানৱ জাতি ব্যস্ত হৈ পৰিছিল নিজৰ অন্বেষণত। তাৰ ফলস্বৰূপেই আৰম্ভ হৈছিল মানুহৰ মগজুত বিকাশৰ বীজ।মানুহে নিজৰ বাসস্থানৰ বাবে অনুকুল ঠাই বিচাৰি আৰম্ভ কৰিছিল প্ৰব্ৰজনৰ। তাৰ ফলশ্ৰুতিতেই মানৱ জাতি বিস্তাৰিত হৈ পৰিছিল সমগ্ৰ পৃথিৱীৰ এঠাইৰ পৰা আন ঠাইলৈ। তেতিয়ালৈকেও ঠিকেই আছিল। যেতিয়াই মানুহৰ মগজুত স্বাৰ্থপৰতাই ঠাই পালে মানুহৰ মাজত আৰম্ভ হৈছিল মোৰ ঘৰ, মোৰ দেশ এনেকুৱা ধৰণৰ চিন্তাৰ। তাৰ ফলশ্ৰুতিত জাতি-ধৰ্ম- বৰ্ণৰ একো ধাৰণা নোহোৱাকৈ হাবি- জংঘলত সকলোৱে একেলগে বসবাস কৰা মানুহৰ একতাৰ এনাজৰীডাল শিথিল হৈ ব্যক্তি বিশেষ হৈ পৰিল। সময়ৰ সোঁতত মানুহবোৰ সৰু সৰু একো একোটা গোটত বিভক্ত হৈ পৰিল। জাতি-ধৰ্ম-বৰ্ণ, নিজ ৰাজ্য- দেশ এনেধৰণৰ ৰূপে মানুহক মানুহৰ পৰা বিভেদ কৰিলে। নিজক উচ্চ প্ৰতিপন্ন কৰিবলৈ গৈ নিৰ্বিবাদে কৰি গ'ল প্ৰকৃতিৰ ওপৰত অত্যাচাৰ। প্ৰকৃতিক ধ্বংস কৰি বাট-পথ, বৃহৎ বৃহৎ অট্টালিকা, কল- কাৰখানা, গাড়ী-মটৰ আদিৰে নিজৰ আলসুৱা স্বাৰ্থসমূহ ঠিকেই পূৰণ কৰিলে। বিভিন্ন ধৰণৰ বোমা, পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণেৰে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ গৈ বেলেগৰ বিপদ মাতি আত্মতৃপ্তি লভা স্বাৰ্থকামী মানুহবোৰে পাহৰি গ'ল আচলতে তেওঁ কৰা কামৰ পৰিণতি কোনে ভূগিব। আজি প্ৰকৃতিৰ অবাধ ধ্বংসৰ ফলত বায়ুমণ্ডল, জলমণ্ডল, স্হল-মণ্ডল সকলো প্ৰদূষিত হৈ পৰিৱেশৰ জৈৱ- বৈচিত্ৰতা নোহোৱা হ'ল।গছ-গছনিৰ অবাধ ধ্বংসৰ ফলত অজ'ন গেছৰ প্ৰলেপ নাইকিয়া হৈ পৃথিৱীৰ উত্তাপ বৃদ্ধি পাইছে। অতি বেঙুনীয়া ৰশ্মিয়ে মানৱ জীৱনলৈ বিভীষিকা নমাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত তুষাৰৰ গলনাংক বাঢ়ি গৈ আছে। পৃথিৱীত মাটিৰ পৰিমাণ তেনেই কম। তাতে বৰফ গলি গলি পানীৰে পৰিপূৰ্ণ হ'লে সমগ্ৰ স্হলমণ্ডলেই নোহোৱা হ'ব। তেনেস্থলত জীৱজগতৰ বসতি কিদৰে সম্ভৱ হ'ব। বিনামূলীয়া মুক্ত বতাহ সেৱন কৰা মানৱ জাতিয়ে নিজৰ কৰ্মকে বায়ু প্ৰদূষণ কৰি এতিয়া মৃত্যুৰ ভয়ত কৃত্ৰিম অক্সিজেন কিনিব লগা হৈছে। প্ৰকৃতিৰ ওপৰত মানৱ জাতিয়ে চলোৱা তাণ্ডৱৰ পৰিণাম ভোগ কৰিছে প্ৰকৃতিৰ সমস্ত উপাদানে। সময়ে সময়ে হোৱা ভূমিকম্প, বানপানী বা অন্যান্য বিভীষিকাবোৰৰ পৰাও মানুহে একো শিক্ষা পোৱা নাই বা মানুহৰ একো উপলব্ধি হোৱা নাই।মাথোঁ ব্যস্ত নিজ নিজ স্বাৰ্থক লয়। পৰিণতিত মানৱতাৰ মৃত্যু ঘটিছে আৰু মানুহেই মানুহৰ বৈৰী হৈ চৌদিশে হিংসা-হত্যা আদিৰ দৰে কৰ্মত লিপ্ত হৈ ধ্বংস যজ্ঞ পাতিছে। প্ৰকৃতিৰ ওপৰত কৰা অন্যায়ত জৈৱ বৈচিত্ৰতাও লুপ্তপ্ৰায় অৱস্হা পাইছেগৈ।
শ্ৰেষ্ঠতাৰ অহংকাৰেৰে কৃত্ৰিম স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া মানুহৰ কৰ্মই পৃথিৱীলৈ ধ্বংস মাতি আনিছে। বৈজ্ঞানিক সকলৰ তথ্য অনুসৰি আৰু পঞ্চাশ বছৰৰ ভিতৰত হিমবাহৰ গলনৰ ফলত পৃথিৱীলৈ অশনি সংকট নামি আহিব। সম্প্ৰতি চলাই থকা মংগল গ্ৰহৰ বাসস্থানো কিমান সম্ভৱ হ'ব সেইয়া নকলেও বোধগম্য। গতিকে সমগ্ৰ পৃথিৱীখনেই যেতিয়া ধ্বংসৰ গৰাহত তেনে সন্ধিক্ষণত দেশ-জাতি-মাটিৰ কথাত আকোঁৰগোজ হৈ আমাৰ কি লাভ। আৱেগক উটি ভাহি আৰু কিমান চুটি কৰিম পৃথিৱীত জীৱকুলৰ আয়ুস। এতিয়াও সময় আছে যদি আমি প্ৰত্যেকেই সজাগ হওঁ। উন্নতিৰ জখলাৰে বগাই গৈ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাতকৈ আহক আমি সকলোৱে মিলি নিজৰ অস্তিত্ব, পৃথিৱীৰ অস্তিত্বৰ ৰক্ষা কৰো। তাৰ বাবে কঠোৰ প্ৰচেষ্টা হাতত ল'ব লাগিব ৰাষ্ট্ৰসংঘই।প্ৰতিখন দেশৰ মুখ্যৰ লগতে প্ৰতিগৰাকী নাগৰিকেই পালন কৰিব লাগিব গধূৰ দায়িত্ব । পৰিৱেশ ৰক্ষাৰ কিছু আইন প্ৰণয়ন কৰিয়েই দায় সামৰিলে বা বহনক্ষম উন্নয়নৰ নামত কেইটামান নিয়ম বান্ধি দিলেই প্ৰকৃতি বা পৰিৱেশ ৰক্ষা সম্ভৱপৰ হোৱা হ'লে আজি মানৱজাতিৰ এই অৱস্হা নহ'লহেঁতেন ।অন্যান্য জীৱ-জন্তু, গছ-গছনি, চৰাই- চিৰিকটিৰ কথাটো বাদেই। গতিকে আহক আমি দায়বদ্ধ হওঁ আৰু আমাৰ পিছৰ প্ৰজন্মক অন্ততঃ পৃথিৱীখন দেখাৰ সৌভাগ্য কণ দিওঁ।
📝মোলেন মাহালী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ