জিলিকি ৰোৱা মোৰ দুবাহুৰ দুকোনত সদায়ে।
কোনো কালে যদি
মোৰ মন আকাশত কলীয়া ডাৱৰে আৱৰে?
জিলিকাবা আকৌ তুমিয়ে
বাৰে বাৰে বজ্ৰৰ পুহৰ হৈ।
দুখ বোৰ যদি
বৰষাহৈ নামি আহে ধৰালৈ?
নৈ ৰূপত তুমি
তাক বোৱাই নিবা সাগৰলৈ।
সুখ বোৰ যদি
ফুটি উঠে দুটি ওঁঠত কেতিয়াবা?
বুজি ল'বা তেতিয়া
তোমাৰে মৰমৰ অৱদান হ'ব এইয়া।
📝কিৰণ জয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ