মানৱতাৰ পুনৰ হওক জনম

©Admin
0

মানুহে মানুহক কৰা
হিংসা -বিদ্বেষ,প্ৰহাৰ -হত্যা 
এইবোৰ নাছিল
মানৱতাৰ বিশাল উপত্যকাখনত..... 

আজি মানুহেই মানুহৰ বৈৰী
যাৰ পৰিণাম
কৰ'বাত মৃত্যু, কৰ'বাত জুই
কৰ'বাত শ্ৰেষ্ঠতাৰ নামত ঘৃণা
চৌপাশেই যেন হলাহলৰ নৈ.....

যাৰ বাবে কান্দোনৰ ৰোল 
মানৱতাৰ অনুসন্ধান

হে মানৱতা তোমাৰ পুনৰ বিৰাজমান হওক
মৃত্যুৰ নাম হওক জীৱন
জুইৰ পৰিণাম হওক পানী
হিংসা-ঘৃণাৰ বজাৰত আদান প্ৰদান হওক
মৰম আৰু সন্মানৰ......

মানুহৰ শিৰৰ পৰা খহি পৰক শ্ৰেষ্ঠতাৰ মুকুট 
উদাৰতাই ৰক্ষা কৰক প্ৰকৃতিৰ

মানৱতাৰ পুনৰ হওক জনম
নিৰসন হওক অশান্তি -ঘৃণাৰ 
শান্তি -মৰম আৰু শ্ৰদ্ধাই হওক
মানৱ জীৱনৰ  চিৰপ্ৰৱাহিত নদীৰ নাম।

📝 দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)