দেওপাহাৰক লৈ অধ্যয়ন,খণ্ড -০৪

©Admin
0
দেওপাহাৰৰ শৈল ভাস্কৰ্যসমূহৰ সৃষ্টি কেতিয়া কাৰ দিনত হৈছিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায় যদিও এই শৈলভাস্কৰ্যসমূহৰ বংগদেশৰ গুপ্ত আৰু প্ৰাচীন অসমৰ পাল বংশৰ দিনৰ ভাস্কৰ্য শিল্পৰ লগত যথেষ্ট মিল আছে বুলি বুৰঞ্জী বিদ সকলে দাবী কৰিছে ৷ ইফালে দেওপাহাৰৰ শিলাস্তম্ভ সমূহক প্ৰাচীন বৰ অসমৰ মূৰ্তি শিল্পৰ বাটকটীয়া বুলিও এচামে কব খোজে ৷ যদিও দেওপাহাৰক লৈ বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে , তথাপি তথ্যমতে উল্লেখ কৰিব পাৰি যে ১৮৭৪ খ্ৰীষ্টাব্দত দেওপাহাৰৰ প্ৰত্নতাত্ত্বিক সমল শীৰ্ষক প্ৰথমেটো টোকা প্ৰকাশ কৰে ৷ মেজৰ গডউইন অষ্টিন নামৰ এজন ইংৰাজে ৷ কিন্তুুু ইয়াৰ বহু বছৰ বিৰতি  পাছতহে অৰ্থাৎ ১৯২৪-২৫ চনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ বছৰেেীয়াক প্ৰতিবেদন প্ৰকাশ পায় আৰু তাতেই টি এন ৰামচন্দ্ৰনে দেওপাহাৰৰ অৱশিষ্ট শীৰ্ষক এখন বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰে৷ 
১৯৫৯ চনত প্ৰতাপচন্দ্ৰ চৌধুৰী, ১৯৬১ চনত বিৰিঞ্চি কুমাৰ বৰুৱা ১৯৮৫ চনত ৰবীন দেৱচৌধুৰী আৰু নিশিপদ দেৱচৌধুৰী , ১৯৮৮ চনত হেমেন্দ্ৰ নাথ দত্ত আৰু প্ৰদীপ শৰ্মা ,১৯৯০ চনত মনোৰঞ্জন দত্ত আৰু ১৯৯৮ চনত এবাৰ্ড হাৰ্ড ফিচাৰ আদি প্ৰত্নতত্ত্ববিদে দেওপাহাৰৰ স্থাপত্যৰাজিক লৈ প্ৰতিবেদন প্ৰকাশ কৰে ৷ 
                 আগলৈ

📝মহেন শইকীয়া 
প্ৰধান শিক্ষক
নুমলীগড় হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)