হয়, মই ভাৰ্চুৱেল পৃথিৱীৰ কথাই কৈছোঁ

Rinku Rajowar
0
মন গলেই এটা ৰাতিতেই প্ৰশংসাৰ ফুলেৰে উপচাই
পাতি দিব পাৰি সম্বৰ্ধনাৰ বিশাল আয়োজন
যাজ্ঞশিনীৰ সয়ম্বৰৰ দৰেই
য'ত গোলাপৰ কাঁইটৰ দৰেই
প্ৰকৃত পৰিচয়ৰ অজ্ঞতাতেই কৰ্ণই বহন কৰে সূতপুত্ৰৰ কালিমা,
আৰু অৰ্জুন বিজয় মুকুটৰ আঁৰৰ প্ৰতিশোধৰ অগ্নিৰ উমান জানো পায়?

কংক্ৰিটৰ এই পৃথিৱীত 
আমি মাটিৰ প্ৰতিমাৰ দৰেই
বিসৰ্জন দিছোঁ
আমাৰ বিবেক, অস্তিত্বক
সঁচাৰ পৰা সঁচাক আৰু মিছাৰ পৰা মিছাক কৰিব পৰা নাই পৃথক 

হয়, মই ভাৰ্চুৱেল পৃথিৱীৰ কথাই কৈছো
স্বপ্নময় জগতক প্ৰশ্ৰয় দি 
আমিবোৰে  তাৰ মায়াতেই বাস্তৱৰ মেলা পাতিছোঁ
ফেচবুক,ৱাটছএপত বিচাৰিছো মুকলি ঈথাৰ
হাই কি দুনীয়া, 
নিজকে নিজৰ পৰা আতঁৰাই         
 ব্যস্ত আমিবোৰ ইউফোৰিয়াৰ উদযাপনত...... 

এইখনেই, সেই পৃথিৱী
য'ত লাচিতে গঁড় নিৰ্মাণ কৰাৰ দৰেই 
এটা ৰাতিৰ ভিতৰতে
 মোৰ মৃত্যু ঘোষণা কৰি
পাতিব পাৰে 
বিশাল শোকসভাৰ
য'ত আপোনালোকে মোৰ মৃত্যুৰ বাতৰিত শোকাতুৰ হৈ
মোৰ প্ৰতিছৱিত শ্ৰদ্ধাঞ্জলীৰ কৃত্ৰিম মালা পিন্ধাই তাতেই তুলিব বন্যা চকুলোৰ লোতকেৰে
কমেন্ট বক্সত বৈ যাব RIP, RIP বুলি মোৰ আত্মাৰ সদগতিৰ কামনা। 

আস, কি সময়!
 মোৰেই সৃষ্টিত মোৰেই নিজস্বতাক অৱক্ষেপন কৰি 
আজি নিজেই কৰিছো অস্তিত্বৰ ক্ষয়।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)