বৰ ভালপাওঁ ইটোৱে সিটোক,
কিন্তু.....
ৰ'দালি জনী আহিলেই,
জগৰটো লগাই থৈ যায়...
খং অভিমানৰ শীতল যুদ্ধ চলে,
আহোঁ নাহো কৈ সিও ৰখি থাকে...
মই ও ৰখি থাকোঁ...
তাৰ বুকুত কবিতা লিখিবলৈ,
কিমান যে গুজৰী গুমৰি থাকে...
অভিমান এৰি সৰি পৰিলে...
যেন তাৰ নগৰত জগৰ হে লাগিব...!
ময়েই পঠালোঁ মনৰ বাতৰি..
বিজুলী জনীৰ হাতত,
"তোৰ কবিতা জনীৰ বৰ খং উঠি আছে..
শব্দ বোৰেও তাই লগত,
ঠেঁহ ধৰি আছে..."
হঠাৎ...
মেঘৰ বুকুত মাদল বাজিব ধৰিলে...
বিজুলী জনীয়েও হাঁহিলে...
দোপাল পিতা ঢল হৈ...
বৰষুণ... মোৰ বুকুত সৰি পৰিলে ।।
📝ববিতা শইকীয়া। দেৰগাঁও । গোলাঘাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ