হাতী

©Admin
0
বিশাল হেৰৌ হাতী
তুমি হেনো গজৰাজ
তোমাৰ সুন্দৰ দেহ
মহাশক্তিশালী ৷
জংঘলত থাকিলে তুমি হোৱা
বনৰীয়া হাতী
পেটৰ তাড়নাত
গাঁৱলৈ আহি কৰা ধবংসলীলা
তোমালোকৰ বাসস্থান 
ধবংস কৰিলো আমিয়েই ৷
খাদ্যৰ সন্ধানত ওলাই আহিলে গাঁৱলৈ
তোমাৰ আমাৰে 
হয় মহা সংঘাত
তুমি আমি সকলোৱে
হ'লো নিৰুপায়
হে বিশালকায় হাতী 
তুমি আমাৰ সম্পদ ৷

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)