সাগৰৰ গৰ্ভত

©Admin
0

        
   অথাই - সাগৰত
অথাউনি মাৰি
পোৱা নাই সাগৰৰ তলি
অদৃশ্য হৈ আছে
মণি মুকুতা বোৰ
কি দৰে বিচাৰোঁ আজি ।

অদৃষ্টলিপি মোৰ
বেমেজালি, বিশৃংখল 
নিৰ্যাতিত নাৰী মই 
নিয়তিয়ে আছে চাই ।

অদৃষ্ট নিৰ্ভৰ হৈ
বিচাৰি ফুৰিছো 
কেনি বা আছে বাট ।

চকুৰে নমনা 
কানেৰে নুশুনা
অথাই-সাগৰৰ গৰ্ভত
এতিয়া সাতুৰি ফুৰিছো মই

📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)