দুটা সন্তানৰ মাতৃ নিবেদিতা । নিবেদিতাৰ স্বামীৰ বহুদিনীয়া অসুখৰ পাছত মৃত্যু হ'ল । নিজৰ ককাই - ভাই সকলোকে মৃত্যুৰ বাতৰি দিয়া হ'ল । কোনো নাহিল খবৰ ল'বলৈ । ইমান যান্ত্ৰিকতাৰে ভৰা মন মানুহৰ । সৎকাৰৰ বাবে লগত যোৱাতাে দূৰৰে কথা - আনকি চাবলৈও নাহিল সকলোৱে । মৰা- শ থৈটাে দিব নোৱাৰি । সময়ত শ- সৎকাৰ কৰিবই লাগিব । ইপিনে চহৰত ক'ত সৎকাৰ কৰিব ভাৱি নাপাই - নিজ জন্ম গাৱঁতে সৎকাৰৰ সিদ্ধান্ত ল'লে । সৎকাৰৰ সময়ত মামাকৰ পৰিয়ালৰ কিছুলোকে আহি সহায় কৰিছিল । নাই পৰিয়ালৰ কোনো এজনেওঁ নিবেদিতাৰ সেই সৎকাৰৰ কামৰ লগত যোৱাৰ সংগী নহ'ল ।
সেই দিনটােৰ কথা নিবেদিতাৰ সদায় সজীৱ হৈ থাকিল আৰু পৰিয়ালৰ মনোবৃত্তিবােৰ অধ্যয়ন কৰিলে -- এনেকুৱাইনে ??
বিশেষ কোনো কথাৰ বাবেও কেতিয়াও ককাই -ভাইৰ মাজত কাজিয়াও হোৱা নাছিল ।
মৰা -শ লৈ গাৱঁৰ নদীৰ পাৰত ৰৈ আছিল - ঘাটৈৱে নদীপাৰ কৰি দিব । লগত কেইজনমান সম্বন্ধীয় । নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছিল । ল'ৰা - ছোৱালী হালো সৰু হৈ আছিল । সেয়া যি সিদ্ধান্ত লয় - নিজেই লয়॥গোটেই কথাবােৰ হৃদয়ত ভৰি থাকিল - এটুকুৰা দুখৰ বৰফ হৈ । নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে - সেইদিনা সৎকাৰৰ সকলো কাম অকলেই কৰিলে ॥ সেই অসহযোগিতাে কথা যেতিয়াই মনত পৰে তেতিয়াই তাইৰ হৃদয়খনত কেচাঁ দুখে আৱৰি পৰে । নিজৰ পৰিয়ালে যদি দুখত সংগ নিদিয়ে - সুখত সংগ দিয়াৰ প্ৰয়োজনেইবা ক'ত ??? এগৰাকী বিধৱা নাৰীৰ হৃদয়ত কেনেকৈ শোক - দুখেৰে ভৰি থাকে , ভুক্তভােগীয়েহে জানে । বহুত আনন্দ পালেওঁ সেই দুখত নিবেদিতাৰ অন্তৰখন মাজে -মাজে জোকাৰি থাকে ॥ যাৰ পৰা অলপ সহাৰি পাব লাগিছিল - তাৰ পৰাই তেনে সহাৰি নাপালে - তাতকৈ কিমান দুখ থাকিব পাৰে ॥
নিবেদিতাৰ বাবে সেই দুখ জীৱনত অন্তিম দুখৰ দৰে ৰৈ গ'ল ॥ সমাজ, পৰিয়াল, বন্ধু মানুহৰ দুখ আৰু সুখ সকলোতেই
প্ৰয়োজন ।
সেইবাবে কাৰোপৰা তাই একো আশা নকৰে এতিয়া ।
🖍মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ