দিন আঁতৰি
ৰাতি বোৰে খেদি আহে
অন্ধকাৰাচ্ছন্ন ৰাতি
এটা দীঘল ক'লা সাপৰ দৰে
অনিদ্ৰাই মেৰিয়াই ধৰে
পিঞ্জৰা বদ্ধ পখীৰ দৰে ।
বিষাক্ত বোৰে যেন
আৱৰি ধৰিছে
চটফটায় মোৰ হৃদয়
মুখত ওলাই মোৰ আৱাজ্ ।
তথাপি নাযায় নোপোৱাই ৰাতি
নিশাত বন্দী হয় মোৰ উশাহ ।
দুচকু মুদিলেই দেখা পাওঁ
কিবা এটাই যেন মোক
খেদি ফুৰিছে
হেঁচি ধৰিব খোজিছে মোৰ দেহ ।
বিষাক্ত নিশা বোৰ
নাযায় নোপোৱাই
অনিদ্ৰাৰ মাজতে কল্পনা কৰোঁ ।
যেন টুকুৰিয়াই দিলেই
সৰি পৰিব নিৰৱতা বোৰ ।
খিৰিকিৰ ফাকেৰেও নাহে
নিশা জোনৰ পোহৰ ।
কোঠালিৰ চাৰিও দিশে চাওঁ
অমানিশা খেদি ফুৰিছে যেন
মোক এটি বিষাক্ত সাপে ।
নিশা বোৰ যেন এটিয়া
মোৰ বাবে তেনেই কঠিন ।
এতিয়া দৃষ্টিভংগী মোৰ মাথোঁ
পোহৰৰ অপেক্ষাত ।।
📝বিনিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ