নিস্তব্ধতা

©Admin
0
 
হঠাৎ তেওঁ মোৰ দৃষ্টিগোচৰ হৈছিল 
গৈ আছিল তেওঁ
কেঁচা আলিটোবেদি ..
বেলি লহিওৱাৰ ক্ষণত !

হাতত এডাল লাঠি,
কান্ধত এটি মোনা ,
শোতোৰা পৰা গালখনত
ওলমি আছিল তেওঁৰ চচ্মা ,
বিচাৰি ফুৰিছিল এই বিশৃংখলতাৰ মাজত
শান্তিময় এটি বাস ঠিকনা !
জীৱনৰ অন্তিম পৰ্যায়ত.....
কিন্তু,
তেওঁ সেই ঠাই বিচাৰি পাবনে ?
 মানৱজাতিৰ এই জঘন্য পৃথিৱীত !!!!!


✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)