প্ৰেম

©Admin
0
প্ৰেম মানেইতো
এপাহি সুন্দৰ ফুলৰ সুৱাস
প্ৰতিটো পলতেই
মিঠা আমেজৰ অনুভূতি
প্ৰেম জীয়াই থকাৰ প্ৰেৰণা
প্ৰেম মানেইতো ত্যাগ
প্ৰেমত নাথাকে
ৰাতি দিনৰ নাম
প্ৰেমতেই থাকে
খং অভিমান আৰু বহুত কিবাকিবি
তুমি আৰু মই ৰ মাজত।
হৃদয়ৰ পৰা হৃদয় লৈ থকা
আন্তৰিকতা
মৰম আৱেগিকতা
অনুভৱৰ এটি টোপোলা
প্ৰেম মানেই লুকাই থকা
জীৱনৰ অন্তহীন বিশালতা
দুটি আত্মাৰ মিলন
যাৰ পৰশে জীৱনলৈ
আনি দিয়ে সম্পূৰ্ণতা
প্ৰেমতেই থাকে
বিশাল পৃথিৱী‌ খনৰ 
মাজতে সন্নিবিষ্ট থকা
বহু সমস্যা
তাৰ মাজতো জয়ী হোৱাৰ
প্ৰবল ইচ্ছা
লা ৰুছফুকোৰ মতে
প্ৰেম হৈছে হৃদয়ৰ একছত্ৰী
ৰাজত্বৰ ইচ্ছা
প্ৰেম শব্দৰ সমষ্টি
নিজস্ব এক অনুভূতি
নানা ৰঙীন সপোনৰ কাৰেং ৰ ঘৰ
সহস্ৰ আশাই সলাই দিয়ে
জীৱনৰ ৰং।।

📝অদিতী তাঁতী
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)