বাৰিষাৰ বৰষুণ

©Admin
0

             
                           
     পুৱাৰ ৰ'দ কাঁচলি
আজি দেখোন নোহোৱা হ'ল ।
পশ্চিম দিশত বেলিও মাৰ গ'ল
নিশাৰ আকাশত
নাই কোনো জোনৰ পোহৰ
আছে মাথোঁ আকাশত ওন্দোলি থকা ডাৱৰ ।
পুৱাৰ ভাগৰে পৰা
মুষল্‌ধাৰে আকৌ আহিছে বৰষুণ ।
প্ৰকৃতিয়েও হালি জালি ঠন ধৰি উঠিছে ।
ভৰ বাৰিষা গাভৰু পথাৰখনৰ বুকুত
শাওনৰ ৰোৱনিৰ গাত
ত'ত নোহোৱা হৈছে ।
অন্ধকাৰাচ্ছন্ন আকাশত নাই কোনো
বেলিৰ কিৰণ 
আছে মাথোঁ কলিয়া ডাৱৰ ।
বাহিৰে ভিতৰে এতিয়া
পৰি আছে  বৰষুণৰ আছাৰেকণি ।
দিন বাগৰি গ'ল
সময়ো বাগৰি গ'ল ।
দিনৰ দিনটো ভৰ গাভৰু পথাৰখনৰ বুকুত
কঁপি কঁপি ৰোৱনিয়ে ভুই-ৰুই
ঘৰা ঘৰি গ'ল 
তথাপি নাপালে বেলিৰ কিৰণ ।
সন্ধিয়া আকাশত কলিয়া ডাৱৰ
 মুষল্‌ধাৰে আকৌ আহিছে বৰষুণ ।


     📝বিনিতা বৰা
        হোজাই জিলা
      {লংকা-কাকী-৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)