মই কেনেবাকৈ প্ৰেমত পৰিলোঁ নেকি?
মোৰ মন দেখোন বহুত চঞ্চল আজি
নিজান ৰাতি টোপনি জাক কেনি হেৰাল মোৰ
আজি উজাগৰি নিশাতো মই সপোন দেখিছোঁ
প্ৰেমৰ সপোন।
চঞ্চল মন মোৰ
দিনটোৰ ভাগৰৰ টোপনি জাক
বিছনা খনত পৰিলেই যেন হেৰাই গৈছিলো
অযুত মায়া এৰি
আৰু এতিয়া অনুভৱ হৈছে প্ৰেমৰ
কাজল সনা চকু জুৰি
সেই তাই জনীৰ
চেহেৰাই যে মোৰ আশে পাশে নিচুকনি গীতৰ লহৰ সানিছে
মই সচাঁকৈয়ে প্ৰেমত পৰিছো
তোমাৰ প্ৰেমত প্ৰিয়তমা তোমাৰ প্ৰেমত।
প্ৰিয়তমা: নাজানো কিয়!
তোমাৰ সৈতে চিনাকি হোৱাৰ দিনৰে পৰাই মোৰ ভাগৰুৱা টোপনি জাক হেৰাল
তুমিয়েই তো কৈছিলা মোক
মোৰ কথা পতাৰ শৈলী বোৰ তোমাৰ হৃদয় স্পৰ্শ কৰে
প্ৰিয়তমা এবাৰ কয় দিয়ানা
স্পষ্টকৈ
মইয়ো তোমাৰেই প্ৰেয়সী বুলি।
মনত আছেনে তোমাৰ
নাহৰৰ তলত বহি আড্ডা দি থাকোতেই কথাৰ চলেৰে কৈছিলো
তোমাক এষাৰ কথা কবলৈ আছে বুলি
আৰু তুমি মোক ধেমালি চলেৰেই কৈ দিছিলা
যি ক'বলৈ আছে আজিয়ে কৈ দিয়া
কিন্তু জানানে মোৰ তেতিয়া কি হৈছিল
বুকু খনৰ ধপধপনি ক্ৰমাৎ বৃদ্ধি পাইছিল
নাজানো কিয় প্ৰিয়তমা!
তথাপিও মোৰ চঞ্চল মনে আজিও আতুৰ হৈয়ে এ আছে
শব্দবোৰে মোক ক'বলৈ সাহস নিদিয়ে প্ৰিয়তমা
উজাগৰি নিশা ভাবি থাকোতেই
কুকুৰা ডাক শুনি ওমান পাওঁ
ৰাতিপুৱা হ'ল বুলি
কেতিয়াবা আগবাঢ়ি যাওঁ আজি এ সকলো কথা বিৱৰি কৈ দিওঁ বুলি
কিন্তু কিন্তু কিয় কৰবাৰ পৰা ভয়ৰ আলোড়ন সৃষ্টি হয় মোৰ বুকুৰ ধপধপনি শুনি।।
📝জিতু কৈৰী
❤️🤗
ReplyDelete