বাঘজানৰ চকুলো

©Admin
0

       বাঘজানৰ লেলিহান শিখাই নিঃশেষ কৰিলে
ঘৰবাৰীৰ লগতে মানুহৰ মনধোৰ
জ্বলিছে সকলোৰে হৃদয় ।
বানপানী, ধুমুহা, মহমাৰী, অগ্নিকাণ্ড আৰু কত যে কি৷
সকলো মানুহৰে 
অগ্নিৰ ফিৰিঙতিৰ উৰি গ'ল 
পক্ষীৰ জাক -মাগুৰী বিল
সেউজীৰ বুকুখন ছাই হৈ গ 'ল ।

সপোনৰ ঘৰখন হেঁপাহৰ বাৰীখন 
সকলো দেখোন ভস্ম
সকলো আশ্ৰয়হীন ,বাকৰুদ্ধ
জৈৱবৈচিত্ৰৰ সেউজীৰ কোলা ডিব্ৰু-ছৈখোৱা
শত সহস্ৰৰ আৰ্তনাদ ৷

আৰু কিমান ধ্বংস লাগে 
ধোঁৱাৰ কুণ্ডলীৰে আকাশ ছানি 
সৃষ্টিক কৰিলে ভস্ম 
জাহ গ'ল আশাবোৰ , আকাঙ্খা , সপোন 
মানুহকেই সৃষ্টি....সৰ্বনাশী।
জুইৰ লেলিহান শিখাত মৃত্যু উপত্যকা 
    আৰ্তনাদ ডিব্ৰু-ছৈখোৱাৰ ৷
শুনি কান্দিছে সকলোৰে হৃদয় 
মাগুৰিৰ চকুলো হৃদয়ে হৃদয়ে 
ম্ৰিয়মান কবিৰো হৃদয় 
সকলো আজি জাহ গ'ল পনীয়া সোনৰ অগ্নিশিখাত ৷

📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)