জীৱন মানেই‌ প্ৰতিবাদ

©Admin
0
জীৱন মানেই‌ প্ৰতিবাদ....
তেওঁলোক পনীয়া তেজৰ মানুহ...
পাহাৰেৰে বৈ অহা বোৱতী সোতঁৰ
দুয়োকাষে তেওঁলোকৰ ঘৰ...
মাছ বেপাৰেই তেওঁলোকৰ জীৱন....
পাহাৰৰ নি'জৰাৰে বৈ অহা বোৱতী
ঢল'ঢলীয়া পানীৰ সুঁতি 
জানো কিমান বেগী!
কেতিয়াবা উটুৱাই লৈ যায়
প্ৰাণৰ সতে সা-সামগ্ৰী'সমূহ..
দুৱাৰ প'দূলিৰ ঠাই বোৰ
বাৰে বাৰে নিশ্চিহ্ন হৈ যায়!
তথাপিও তাতেই আকৌ
সাজে নতুন জীৱন।
মাজ সমুদ্ৰত নাওঁ মেলি 
তেওঁলোকে মাছ বিচাৰি ফুৰে...
কেতিয়াবা আকৌ বিপদৰ সন্মুখীন হয়।
উদ'গীৰণৰপ প্ৰ'কান্ড ঢৌ'ৱৈ...
জানো ক'ত কেতিয়া আহে...
প'লকতে তেওঁলোকৰ জীৱন মাৰে....
স্পন্দন কপোৱা ঢৌ জাক চাই
কেতিয়াবা ভি'ৰাই উভ'তানি মাৰে।
জালত লগা মাছ কেইটালৈ
বজাৰত বেচিবলৈ যায়
সেই টকাৰে আকৌ 
ঘৰুৱা সামগ্ৰী সমূহ পূ'ৰায়।
সফলতাৰ বাট বুটলি...
ভাল পাই তেওঁলোকে 
নদী উপত্যকা অঞ্চ'লবোৰ....
নানান ঘাত-প্ৰতি'ঘাতত জীৱন কাটে
মৎস্য প্ৰে'মীৰ বাবে আনে
এসাঁজ তৃ'প্তিৰ ভাত....
বৰফৰ পানীত তেওঁলোকৰ
অকনো ভ্ৰক্ষেপ নাই...
ৰঙা তেজক বগা কৰি ...
তেওঁলোকে জীৱনৰ প্ৰতিবাদ কৰে

 📝 বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)