তুমি যদি প্ৰতি দিনে প্ৰতি পলে মোৰ ছায়া হৈ থাকাই?
তেন্তে আজি এনে
নি:সঙ্গতাত কিয় ভোগিছো মই?
কি কাৰণ বশত: আজি তুমি মোৰ দুটি নয়নত ধৰা নিদিয়া?
তোমাৰ নামৰ প্ৰত্যেকটো ভাৱনা
কিয় হয় আধৰুৱা এতিয়া?
তুমি যদি
মোৰ হৃদয়তে বাস কৰা?
তোমাৰ উপস্থিতিত মোৰ দেহত অশ্ৰুৰ নৈ খন ব'ব পালে কেনেকৈ?
হাজাৰ প্ৰশ্ন তোমাৰ অস্থিত্বকলৈ
উত্তৰ মাথোঁ এক নুবুজা সাঁথৰ।
📝কিৰণ জয় চাওদাং
নাহৰকটীয়া,ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ