নহবি হেঙাৰ।
সেউজীয়া পৃথিৱীত
ফুৰিছো বগাই ।
এইখন মোৰ জন্ম ভূমি,
আইক শিৰত লৈ
গৌৰৱেৰে ফুৰিছো ঘূৰি ।
তাহানিৰ লাচিতৰ
গড় বিচাৰি যাওঁ•••••••••।
নধৰিবি মোক
বাটত আগুচি ।
লাচিতৰ হেংদাং
হাতত লৈ মই
যাওঁ আগবাঢ়ি ।
তাহানিৰ মোগল আহি
আকৌ ওলালহি
মোৰ আইৰ বুকুত
ভৰি দিম বুলি ।
লগাই দিম আকৌ
শৰাইঘাটৰ ৰণ
সাঁজু হ ৰণলৈ
লুইতপৰিয়া
অসমীয়া ডেকাৰ দল ।
এই দেশ মোৰ
প্ৰাণৰো প্ৰাণৰ ।
অসমী আই মোৰ
অতি মৰমৰ ।
📝বিনিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ