প্ৰেম

©Admin
0
আনক দেখাই মই
  নিবিচাৰোঁ তোমাক
     মোৰ অন্থৰে বিছাৰে
        কাষত তোমাক ।

ধন টকাই সুখী
  নকৰোঁ তোমাক
   বুকুৰ আলখোৱা মৰমত
     ডুবাই ৰাখিম তোমাক ।

জোন বেলি তৰা আনি
  দিব নোৱাৰোঁ তোমাক 
    সচাঁ সন্মানৰ অভাৱ
      হব নিদিওঁ তোমাক ।

জোৰেৰে তোমাক মই
   নিজৰ কৰিব নোখোজো 
     মোৰ প্ৰেমৰ বিশ্বাসত 
        মোৰ হবা আশাতে থাকো ।

তুমি মোৰ নোহোৱা
   তুমি হাজাৰ বাৰ কোৱা
      জানিও মৰম বাঢ়ে
         প্ৰতিপলে তোমালৈ সচাঁ ।

ধন টকাৰ সম্পত্তিৰে
   নহয় মই আমিৰ 
     তোমাৰ মৰম বিছাৰি ফুৰা
       মই এগৰাকী ভিখাৰি ।


📝শ্ৰীমতী ৰিম্কী চুতীয়া
 ধেমাজি, চিচিবৰগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)