শিশুৰ অমৃত মাতৃদুগ্ধ

©Admin
0
মা, জন্ম লভিয়েই ধৰাত
উঠিছিলোঁ তোমাৰ কোলাত 
গুজি দিছিলা আবেষ্টনী আঁতৰাই
অমৃত সাগৰেৰে পুষ্ট তোমাৰ বক্ষযুগল মোৰ ওঁঠত
বন্ধ হৈ পৰিছিল মোৰ কান্দোন
তৃপ্তিৰে কৰিছিলোঁ পান
তোমাৰ বক্ষত সাঁচি ৰখা ভগৱানৰ দান।

মা,
সেইয়াই আছিল মোৰ জীৱনৰ প্ৰথম আহাৰ
সেই আহাৰৰ পৰাই লাভ কৰিছিলোঁ
কেঁচুৱাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
 ভোক নিবাৰণৰ সম্বল
তোমাৰ বক্ষৰ অমৃত পান কৰিয়েই
নিদিয়াকৈ মূখত অন্য আহাৰ 
পঠিয়াইছিলো ছমাহ কাল,
কিয়নো মাতৃদুগ্ধ যে পৃথিৱীৰ শ্ৰেষ্ঠ আহাৰ
য'ত নিহিত থাকে অফুৰন্ত শক্তিৰ ভাণ্ডাৰ।

মা,
তোমাৰ বক্ষৰ অমৃত পান কৰিয়েই
চিনাকি দিব পাৰিছোঁ আজি এই জগতত
নোৱাৰোঁ সুজিব তোমাৰ ৠণ জন্ম জন্মান্তৰত। 

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)