গ'ল ৷
মৌচুমী আহি মোৰ কাষত বহিল লাহেকৈ মোৰ হাতত ধৰি লৈ ক'লে হামাৰ প্ৰাণ বাচাৱাৰ যন্নে তুই যদি হামকে উঠাই নাই আনলেছে হামাৰ কি হত আইজকে যামানামে তৰ ৰকম ভাল মানুষ কাঁহা আছে " মই হাত এৰাই " কি বলছি তুই এইটা মৰ কৰ্তব্য আৰ জিমাদাৰ হৱাটা সবাৰে দৰকাৰী ৷ আচ্ছা এখন তকে ছাড়ে আসতে লগে যা ৰেডী হ " তাই একো নকয় উঠি গ'ল মই মনেমনে ভাৱিলো সহায় কৰাটাই ভুল আছিল গলই পৰে যাছে ৷
কিছু সময় পাছত তাই ওলাই আহিল মায়ে তাইক ক'লে " আকৌ আয়বি বেটী ৷ মই বাইকখন স্টাৰ্ট কৰিলো তাই বহিল মই বাইক চলাই আগবাঢ়িলো ৷
একাবেঁকা পথেৰে সেউজীয়া চাহনিৰ মাজেৰে বতাহৰ সৈতে কথা পাতি চলি যায় গৈ গৈ লাইনৰ মাজত প্ৰৱেশ কৰিলো লাইনত কণকণ লৰা ছোৱালীৰ দৌৰাদৌৰি চিঞৰ বাখৰ মৌচুমীয়ে দেখোৱাই দিয়া ঘৰৰ সন্মুখত বাইকখন ৰখালো তাই নামি মোক ক'লে " আয় চাপানি খাই যাবি আৰ হামাৰ মাই বাপেকে ভেটাই যাবি " মই এতিয়া নোসোমাও বুলি কৈ ঘৰলৈ উভতি আহিলো ৷ মই মনতে বৰ ৰং পালো বাপৰে আজি ৰক্ষা ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ