বুকুত একুৰা জুই সাবটি বাঘজানে কান্দিছে!
অগ্নিপিণ্ডত পৰিণত হোৱা বাঘজানৰ খবৰবোৰে দুখ আৰু হুমুনিয়াহ কঢ়িয়াইছে প্ৰতিজন মানবপ্ৰেমীৰ বুকুলৈ! চকুৰ সন্মুখতে জ্বলি ছাই হৈ গল হেঁপাহৰ ঘৰখন,
উপাৰ্জনৰ উৎস চেনেহৰ বাৰীখন, শাৰী শাৰী তামোলগছৰে শুৱনি বাৰী,
বিস্তীৰ্ণ বাঁহনিডৰা,
সেউজীয়া এটি কলি দুটি পাতৰ চাহ বাগিছা আৰু
শ্ৰম আৰু কষ্টৰে কৰা খেতিৰ কঠিয়াডৰা !
বিঘাই বিঘাই মাটি, এৰাপৰীয়া ঘৰবোৰত এতিয়া তেল-গেছ পোৰা অকটা গোন্ধ ।
তেল নগৰী দুলীয়াজানৰ বিয়াগোম বিষয়াৰ চৰম গাফিলতি আৰু অকৰ্মণ্যতাৰ বলি হোৱা বাঘজানৰ বিস্ফোৰণৰ জুয়ে প্ৰাণ ললে তেলনগৰীৰে সাহসী যোদ্ধা দুৰ্লভ আৰু তীখেশ্বৰৰ!
পৰিয়াল-পৰিজনক কনদুৱাই চিৰদিনলৈ হেৰাই গ'ল নিষ্ঠাবান দুজন কৰ্ম্মী!
ভয়াবহ জুয়ে পোৰা বাঘজানৰ সঁচা ছবিয়ে
কন্দুৱাইছে প্ৰতিজন আবাসীৰ লগতে অসমবাসীকো।
বুকুত যন্ত্ৰণা লৈ আশ্ৰয়শিবিৰত বিনিদ্ৰ ৰজনী কটাই ক্ষোভ উজাৰিছে নেতা -পালিনেতাৰ সন্মুখত;
ৰজাৰ যে সময়ৰ অভাৱ প্ৰজাৰ দুখৰ সমভাগী
হবলৈ ।
জ্বলি ছাই হোৱা অবশিষ্ট
খিনিক লৈ ভবিষ্যতৰ নিৰাপত্তা বিচাৰি হাঁহাকাৰ কৰিছে আজি বাঘজানবাসীয়ে;
যাৰ উত্তৰ হয়তো এই মূহুৰ্ত্তত কাৰোৰে ওচৰত নাই ।
নাতিদূৰৈত জ্বলি থকা তেলখাদলৈ চাই,
পৰিত্যক্ত বাঘজানে কান্দিছে,
কেৱল কান্দিছে!
উশাহত তেলৰ গোন্ধ,
খোজত তেলৰ গোন্ধ,
কম্পনত ফাট মেলা আপোন ঘৰবোৰৰ দুৰৱস্থাই বাঘজানৰ কাষৰীয়া অঞ্চলতো আবাসীৰ মনত সৃষ্টি কৰিছে আজি ত্রাস আৰু শংকাৰ।
সচাঁকৈয়ে কাৰ দুষ্কাৰ্যৰ পৰিণাম ভূগিব লগীয়া হ'ল আজি নিৰপৰাধী বাঘজানবাসীয়ে?
তাৰ উত্তৰ লাগে প্ৰতিজন সচেতন ব্যক্তিক ?
বাঘজানৰ কাহিনীৰে
ঘঁৰিয়ালৰ চকুপানী মচি অনেকজন বিখ্যাত হ'ল !এদিন সময়ে কটা ঘাঁত হয়তো মলম সানিব ।
কিন্তু জীৱনৰ সৰ্বস্ব সঞ্চিত সম্পদ হেৰুৱাই দিশহাৰা হোৱা বাঘজানৰ ৰাইজে সুবিচাৰ পাবনে?
ঠন ধৰি উঠিবনে সেউজীয়া সপোনবোৰ?
নগৰীয়া মানুহে ভবাৰ দৰে কিন্তু বাঘজানবাসী নিৰক্ষৰ নহয়,
আপোন গাওঁৰ নিজা মাটিৰ খেতিৰে স্বাৱলম্বী হোৱাৰ মানসিকতাৰ এজাক
সপোনসুৰীয়া খাটি খোৱা মানুহ ।
যাৰ চকুৰ সন্মুখতে সপোনবোৰ পুৰি ছাৰখাৰ হৈ
যোৱাত কথা কোৱাৰ ভাষাও যেন হেৰাই গৈছে তেওঁলোকৰ .....।
কোনেও যেন ভুল নুবুজে!
এবাৰলৈ হলেও বাঘজানৰ চকুলোৰ গভীৰতা হৃদয়ংগম কৰক;
তেওঁলোকৰ ক্ষোভ আৰু প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰক আৰু আপোন মানুহখিনিক ন্যায় দিবলৈ যত্নপৰ হওঁ আহক! !
আহক, আমি বাঘজানৰ সৰল মনৰ মানুহখিনিৰ দুখৰ সমভাগী হওঁ!!!
📝ৰীতামণি বৰদলৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ