কভিড-১৯ ৰ ক্ষেত্ৰত বেছি সতৰ্ক হোৱাৰ প্ৰয়োজন কাৰ?

©Admin
0
১- বয়স- যদিও নৱজাতকৰ পৰা আলৰ বৃদ্ধলৈকে যি কোনো বয়সৰ লোকেই কভিড১৯ ৰোগত আক্ৰান্ত হ'ব পাৰে,অভিজ্ঞতাই আমাক শিকালে যে ৬৫বছৰৰ উৰ্ধৰ লোকৰ অসুখত ভোগাৰ সম্ভাৱনা অধিক৷ বৃদ্ধাশ্ৰমত থকা বা একাকী ভাবে  অনাদৃত,অযত্নত পালিত বয়সীয়াল লোকসকল সহজে কৰ'না ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে৷ আমেৰিকাৰ পৰা অহা তথ্যমতে ৬৫বছৰৰ ওপৰৰ লোক  ৩০শতাংশৰ পৰা ৭০শতাংশলৈকে হস্পিতেলত ভৰ্তি হ'বলগীয়া হয় আৰু তেওঁলোকৰ  মৃত্যুৰ হাৰ ১০ৰ পৰা ২৭শতাংশলৈ হোৱা দেখা গৈছে৷ দেখা গৈছে নাক বা নেজোফেৰিঞ্চত থকা ACE2 RNA receptor protein  মাধ্যমেৰে কৰ'না ভাইৰাছে মানৱ শৰীৰত প্ৰবেশ কৰে৷ এনে ৰিচেপ্তৰৰ সংখ্যা শিশুৰ ক্ষেত্ৰত কমকৈ থাকে৷
২-শ্বাস প্ৰণালীৰ ক্ৰনিক ৰোগীসকল - বহুলোকে হাপানি, ব্ৰংকাইটিজ নহলে শ্বাসজনিত এলাৰ্জিৰ অসুখত ভোগে৷ অসুখ নিয়ন্ত্ৰণত নাথাকিলে এনেলোকে মাস্ক ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব৷ গতিকে এনে লোকসকলে নিজৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ইনহেলাৰ আৰু অন্যান্য প্ৰয়োজনীয় দৰব পথ্য ব্যৱহাৰ কৰি নিজৰ ৰোগ নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷
৩- হৃদৰোগৰ চিকিৎসা লৈ থকা লোকসকল - উচ্চ ৰক্তচাপৰ ৰোগী, হাৰ্ট ফেইলাৰ, জন্মগত নীলা পৰা হৃদৰোগ, হৃদগতিৰ বিসংগতি (এৰিথমিয়া), কাৰ্ডিঅ'মায়োপেথি, পেৰিকাৰ্ডাইটিছ,মায়োকাৰ্ডাইটিছ আদি অনেক ৰোগত আক্ৰান্ত সকলৰ কভিড১৯ হোৱাৰ সম্ভাৱনা বেচি থাকে৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আগৰ পৰা ব্যৱহাৰ কৰি থকা দৰবৰ হীনদেঢ়ি কৰিব নালাগে৷
৪- শৰীৰৰ ইমিউনিটি কম থকা লোকসকল- বিভিন্ন কাৰণত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে৷ উল্লেখযোগ্য কাৰক কিছুমান হ'ল- কৰ্কটৰোগ,এইডচ, জন্মগত ইমিউনিটিৰ অভাৱ,অংগ প্ৰত্যাৰোপন কৰা লোক, ব'ন মেৰো সংস্থাপন কৰা লোক, যি কোনো অসুখৰ বাবে ষ্টেৰইড গ্ৰহণ কৰি থকা লোক৷
৫-মেদবহুলতা- শৰীৰৰ বি এম আই যদি ৪০ৰ উৰ্ধত৷
৬- অনিয়ন্ত্ৰিত ডায়েবেটিজ ৰোগ৷
৭- ক্ৰনিক কিডনি ডিজিজ আৰু ডায়েলাইচিচৰ ৰোগীসকল৷
৮-লিভাৰৰ জটিল অসুখত ভোগী থকা ৰোগী- যেনে হেপাটাইটিচ-বি,হেপাটাইটিচ-চি, চিৰচিচ, লিভাৰৰ কাৰ্চিনোমা আদি৷
৯- অতিপাত ধূম্ৰপান৷
শিশু আৰু মাতৃৰ কভিড১৯ৰ সন্দৰ্ভত দুআষাৰ:
দেখা গৈছে কভিড আক্ৰান্ত পুৰুষ ৭১জনৰ বিপৰীতে মহিলাৰ সংখ্যা হ'ল ২৯শতাংশ৷ প্ৰখ্যাত নৱজাতক ৰোগ বিশেষজ্ঞ ডা: ৰাহুল যাদৱে এটি প্ৰবন্ধত লিখিছে- সুখৰ বিষয় শিশুসকলৰ অসুখ গুৰুতৰ পৰ্যায়লৈ নাযায়৷ -গৰ্ভৱতী মাতৃৰ পৰা প্ৰসৱ হোৱা সন্তান কভিড১৯ নিগেটিভো হ'ব পাৰে৷- কভিড১৯পজিটিভ মাতৃয়ে স্তনপান কৰাব পাৰে৷ ৪- গৰ্ভকালত বা প্ৰসৱোত্তৰ কালত মাতৃগৰাকী  অতিৰিক্ত বিপদসংকুল নহয়৷
কভিড১৯ সংক্ৰান্তত সকলোলোকলৈ আগবঢ়োৱা সতৰ্কবাণী:
- পৰাপক্ষত ঘৰতে থাকক,সুৰক্ষিত থাকক৷
- সঘনাই হাতপৰিষ্কাৰকৈ ধুব৷
- সময়ে সময়ে চেনিটাইজাৰ ব্যৱহাৰ কৰিব৷
- দুজন লোকৰ মাজত অন্তত: এক মিটাৰ দূৰত্ব বৰ্তাই ৰাখিব৷
- মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ কেতিয়াও নোলাব৷
- ঘৰৰ বাহিৰত থকা অৱস্থাত(নাইবা ঘৰলৈ ঘূৰি আহিও নিজে সম্পূৰ্ণ পৰিষ্কাৰ নোহোৱা পৰ্যন্ত) কোনো কাৰণতে নিজ মুখ,নাক আৰু চকু স্পৰ্শ নকৰিব৷ তেনে কৰিলে নেদেখা ভাইৰাছক আপুনি শৰীৰত প্ৰৱেশৰ সুবিধা কৰি দিয়া হ'ব৷
-  যিকোনো ৰোগাক্ৰান্ত লোকৰ পৰা আতৰত থাকিব৷
- আলহী বা অভ্যাগতৰ সংগ এৰাই চলিব৷ তাৰ সলনি ভিডিঅ' কলৰ মাধ্যমেৰে যোগাযোগ বৰ্তাই ৰাখিব৷
- স্বাস্থ্যসন্মত আৰু শৰীৰৰ ইমিউনিটি বঢ়োৱা খাদ্য খাব৷
- ধ্যাণ,যোগাসন কৰি মনটোক শান্ত ৰাখিব৷
- দৈনিক আধাঘন্টা ব্যায়াম কৰিব৷
-  নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ বাবে টেলিমেডিচিনৰ সহায় লওক৷
-  সময়ে সময়ে গৰমপানী সেৱন কৰি নিজৰ দেহাটো আৰ্দ্ৰ কৰি ৰাখক৷
- মাজে মাজে কুহুমীয়া গৰম নিমখ পানীৰে কুলকুলি কৰি গলটো পৰিষ্কাৰ কৰি ৰাখক৷
- সতৰ্ক থাকক৷ অযথা আতংকিত নহ'ব৷

📝ডা: ভূপেন শইকীয়া,গুৱাহাটী
 ৰচনাকাল ১জুন ২০২০. 
    সংগ্ৰহ - ফেচবুক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)