বানপানী

©Admin
0
নেৰানেপেৰা বৰষুণে নদীখন গৰ্ভৱতী কৰিলে
গা ৰ'দাই বহি থকা চৌপাশৰ খাল বিলে জোখতকৈ অধিক পিঁয়াহ গুচাই জলসেৱন কৰিছে

গঞা ৰাইজৰ ভোকৰ ভাত চকুৰ টোপনি হৰিছে
নৈপৰীয়া জীৱনৰ হাহাকাৰ
ৰজাঘৰীয়াৰ চোৱাংচোৱাই কুম্ভকৰ্ণৰ বেশত কোমল বিছনাত ভাগৰ মাৰিছে

পথাৰখন চকুৰ পলকতে বগা হ'ল
পানী ওফন্দিছে
খেতিয়ক বন্ধুৱে মূৰে কপালে 
হাত দি ক্ষণ গনিছে
কলগছৰ ভোৰখনত গছ লতাৰ পাত কাটি দুথাল মান ৰহিমলাই পহুলা ছাগলীজনীক দিছেহি
বলধহালে শুকান খেৰ পাগুলি পাগুলি পেট ভৰোৱাৰ অভ্যাস এটা গঢ়ি লৈছে

ঘৰবোৰৰ ভিতৰত ওখ ওখ চাং সাজি তাৰ ওপৰত পোনাকনহঁতক ৰাখিছে
গাঁৱৰ সিমূৰৰ পৰা প্ৰকাণ্ড চিঞৰ এটা ঢৌত উটি আহিছে
ৰাতি এন্ধাৰৰ বিষটোৱে 
খুলি খুলি খাইছে 
অৱশ্যে তচলাইটৰ পোহৰে নীলা আকাশৰ তৰাৰ দৰে জিলমিল জোনাক হৈ ঘূৰি ফুৰে 

বানপানীয়ে ইচ্ছা কৰিয়েই নদী বগাই ঘৰ দুৱাৰ সোমাই আহে
বৰষুণে জানে চোলা পিন্ধাব নদী অথবা জীৱনক
এজাক ডেকা-গাভৰুৱে পশুধনৰ বাবে ওখ ভেঁটিৰ অনুসন্ধানত নামিছে
ক্ষোভৰ জুইৱে বুকু পুৰিছে বানপীড়িত অঞ্চলবাসীক
সামধানৰ পথ মুকলি নহ'ল
ঘোষণা কৰা নহ'ল  সমস্যাটো কেন্দ্ৰত
জীৱনৰ স্থায়ী বুলি কি আছে
জীয়াই থকাৰ আশাটোৰ বাবেই আশা এটা লৈ 
বানপানীত থাৱনি নোপোৱা ঠাইতো ককবকাই থাকে জীৱন

এনেকৈয়ে বঠাবিহীন নাওখন ঘূৰি ফুৰিছে চোতালে চোতালে
অসহায় কৃষক
অসহায় পশু
অসহায় জনজীৱন
বিপদসীমা বগাই বানপানীয়ে
জুৰুলা কৰা অসম এতিয়া শ্বাসৰুদ্ধ।



📝কনমইনা দাস
বেলগুৰি দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)