তোমাৰ সতে মোৰ দুৰত্ব বহুত নাছিল,
একেখন কলেজৰ মাথো
এটি ৰুমৰ আগ পিছ |
তথাপিওঁ
অতিক্ৰম কৰাৰ সাহস কৰা নাছিলো ,
তোমাৰ আগে পিছে ঘূৰোতে এটি বছৰ
কেনেকে পাৰ হল গমকে নাপালো !
তোমাৰ সতে মুখামুখি হোৱাৰ সেই দিনটো
এতিয়াও মনত পৰে মোৰ
ৰঙা পিঙা পৰি খঙৰ ভমকত আহিছিলা
তুমি!
মনত পৰিলে ভাল লাগে
মোৰ সেই ক্ষণ টোৰ কথা !
তোমাৰ চকুত চকু দি চাবলৈ
সাহ কৰা নাছিলো !
কিয় সেইটো মই নিজেই নাজানো,
ভয় আছিল নে লাজ আছিল
কিয় চাব পৰা নাছিলো
মই তোমাৰ চকুযুৰি লৈ
আজিও প্রস্ন ওদয় হয় মোৰ মনত ?
তুমি মোৰ কাষলৈ আহা দেখি
মনে মনে বহুত আনন্দ উপভোগ
কৰিছিলো !
কিন্তু মুখখনিত তাৰ একো প্ৰভাৱ নাছিল ,
কেতিয়াও পাহৰিব নোৱৰা
এটি মূহূৰ্ত আছিল সেইটো |
📝লক্ষ্যজিত চহৰীয়া
মৰিগাঁও,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ