জেঠৰ পথাৰ

©Admin
0

জেঠৰ প্ৰখৰ ৰ'দক নেওচা দি 
নামি আহে ৰিমঝিম বৰষুণ 
কলিয়া ডাৱৰে আকাশ সেমেকাই 
বৰ্ষাৰ ঢল নমাই বাট পথ বোকাৰে কৰিলে লুটুৰ পুতুৰ 
আশাৰ সপোনে পোহাৰী মেলিলে কৃষকৰ সেমেকা চকুত
 এবুকু পানীৰ তলতো সোনগুটি বিচাৰি হাহাকাৰ
 মাটিত সুগন্ধি সানি দেহতো হ'ব পাৰে অৱশ তথাপিও খোজ নৰয় থমকি।
জেঠুৱা মনত এবুকু সেউজীয়া 
নাঙলৰ সীৰলুত ৰচা গীতবোৰে মন প্ৰাণ কাঢ়িলে
নাঙলৰ জয় গান 
নাঙলৰ জয় হওঁক ।
নাঙলৰ সীৰলুত জিলিকি উঠিব 
এডৰা সেউজীয়া।
হ'ব কৃষকৰ জয় ৷

📝ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)