তুমি কোন
দেৱী ৰূপে পূজিতা
সৃষ্টিৰ বিধায়িকা
মাতৃত্বৰ গৰ্বেৰে গৰ্বিতা
চিৰ আৰাধ্যা জননী
তুমি অমৃতময়ী জগতজননী
এতিয়া তুমি সুৰাৰ পিয়লা
বস্ত্ৰহীনা বিজ্ঞাপনৰ আহিলা
তুমি ভোগৰ বিলাসী পাত্ৰ
তোমাৰ চৌদিশে
বিষাক্ত সৰ্পিল ফুচফুচনি
তোমাৰ দেহত নিষ্ঠুৰতাৰ
অজস্ৰ কলা বগা দাগ
তোমাৰ দেহৰ সুষমা
তোমাৰ ওঠৰ লালিমা
বিক্ৰী হয়
বজাৰৰ উঠা নমা দৰত
তোমাৰ আবেগক হত্যা কৰা হয়
ভিন্ন জনৰ ভিন্ন ৰুচিত
তোমাৰ জৰায়ুৰ ছিন্ন ভিন্ন টুকুৰাই
সভ্যতাৰ নিৰ্লজতাত
ফেকূৰি উঠে
ফাট মেলা বসুমতি
পাতালে লুকাও বুলি
প্ৰাৰ্থনা কৰে....।
📝থানেশ্বৰী কুৰ্মী গঞ্জু
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ