হে বিষ্ণু ৰাভা

©Admin
0



হে বিষ্ণু ৰাভা তোমাক কৰিছোঁ প্ৰণাম


গ্ৰাম্যমুখী দৰ্শনৰ তুমি জ্যোতিষ্কৰ

জগাই তুলিছিলা তুমি কৃষক

মজদুৰ আৰু ন-জোৱানৰ 

সুপ্ত হৃদয়ত লুকাই থকা

অসীম শক্তি বল

তুমি অনেক নতুন সৃষ্টিৰে

 বিশ্বক চমৎকৃত কৰিলা

কৰিলা অসুন্দৰৰ সমাধিত 

সুন্দৰক প্ৰতিষ্ঠা

তুমি চিৰ সংগ্ৰামী বিপ্লৱী

অপৰাজেয় সৈনিক

দিছিলা হিয়াত ফুলাম আসন পাৰি

স্বদেশ আৰু স্বজাতিৰ বাবে

কৃষ্টিৰ বাঁহীত সুৰৰ ফুঁ-দি অমৃত পিয়ালা


বাৰে ৰহণীয়া সংস্কৃতিৰ দেউল বান্ধি

অসমীয়া জাতিক কৰিলা জাতিষ্কাৰ

জনদৰদী তুমি মুক্তিৰ মূৰ্তি গঢ়ি

বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বীজ

 দিছিলা সিঁচি


হে বিষ্ণুৰাভা তোমাক কৰিছোঁ প্ৰণাম

সততাৰ পোহৰে উজলি উঠক

শত্ৰু-মিত্ৰৰ সঠিক ঠিকনা

প্ৰতাৰণাৰ বিচিত্ৰ ইতিহাসৰ

 অৱসান হওঁক

দশোদিশে মুখৰিত হওঁক

 মানৱতাৰ গান

আদৰ্শ হৈ ৰওঁক তোমাৰ প্ৰাণ

হে বিষ্ণুৰাভা তোমাক কৰিছোঁ প্ৰণাম।


📝কনমইনা দাস                            

বেলগুৰি দেৰগাঁও, যোৰহাট


(৫১সংখ্যক মৃত্যু দিৱস উপলক্ষে শ্ৰদ্ধাৰ শিল্পীলৈ অন্তৰৰ পৰাই প্ৰণাম যাঁচিলো)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)