আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য,খণ্ড-০৯

©Admin
0

এটা সময়ত মই ভাৱিছিলো মোৰ কিতাপ এখন উলিয়াম 

সেই সময়ত আৰ্থিক অৱস্থাও মোৰ ভাল আছিল কিন্তু আকৰ্ষণৰ সিদ্ধান্ত নিয়মৰ বিষয়ে একো জ্ঞান নাছিল কবলৈ গ'লে আকৰ্ষণৰ সিদ্ধান্তৰ ৰহস্য মোৰ আগত উদঘাটন হোৱাই নাছিল ফলত মোৰ কিতাপ ছপাবলৈ সক্ষম নহ'লো ৷ তেতিয়া মই ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তি আছিলো ৷ সদায় নথকাটোলৈ বেছি আকৰ্ষণ কৰিছিলো ৷

ফলত মোৰ জীৱন সমস্যা আৰু দুখেৰে জৰ্জড়িত হৈ আছিল এনে লাগিছিল মোৰ জীৱন নিৰ্থক দুখীয়া হৈ জন্মিলো চাগে দুখীয়া হৈয়ে মৰিম ৷ এদিনাখন তেজপুৰত

দি চিক্ৰেট্ অফ চাক্সেছ নামৰ ইংৰাজী চিনেমা খন চাই

মোৰ চকু খোল খালে সেই চিনেমাৰ দ্বাৰা " আকৰ্ষণৰ সিদ্ধান্ত " ৰ ৰহস্য মোৰ আগত উদঘাটন হ'ল আৰু মই ইয়াক মোৰ জীৱনত ব্যৱহাৰ কৰি চোৱাৰ সিদ্ধান্ত ললো আৰু ওপৰত উল্লেখিত নিয়মানুসাৰে

 কাম আৰম্ভ কৰিলোঁ ৷ 

প্ৰথমে কিতাপখনৰ নাম , ৰং , পৃষ্ঠাৰ সংখ্যা , ছপাবলগীয়া কপিৰ সংখ্যা লগতে মুঠ ধন ৰাশি , ক'ত ছপাম , প্ৰেছৰ নাম , কবিতাৰ বিষয়বস্তু আদি কল্পনা কৰিলো সেই সুখো 

অনুভৱ কৰাৰ লগতে সম্পূৰ্ণ আত্মাবিশ্বাসেৰে কাম আৰম্ভ দিলো এতিয়া সমস্যা হ'ল আৰ্থিক দিশত মই কল্পনা কৰিলোঁ আৰ্থিক সমস্যা দুৰ হ'ল বুলি আৰু সেইমতে কলেজ পক্ষৰ আগত কিতাপ ছপোৱাৰ কথাটো ব্যক্ত কৰিলো আৰু সুখৰ কথা কলেজৰ প্ৰিন্সিপালে পাঁচ হাজাৰ

টকা আৰ্থিক অনুদান দিয়াৰ লগতে শুভেচ্ছা বাণীও দিলে আন এটা চমৎকাৰ হ'ল চৰকাৰে পাঁচ হাজাৰ টকা দিব্যাংগ সকলক দিলে তাতো মোৰ ৰেহাই হ'ল এতিয়া মোৰ সপোন

বাস্তৱত পৰিণত হবলৈ মাত্ৰ এটা ষ্টেপ


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)